ট্ৰাফিক আইন ভংগ কৰিলে আল্লু অর্জুনে (Allu Arjun) ।তাৰ বাবে শাস্তিৰ সন্মুখীনো হ’ল দক্ষিণী ছুপাৰষ্টাৰ ।তথ্য অনুসৰি তেওঁ ইয়াৰ বাবে তেওঁ জৰিমনাও দিব লগা হৈছিল।
সাধাৰণ মানুহ হওঁক বা জনপ্ৰিয় তাৰকা হওঁক, আইন সকলোৰে বাবে একেই। ইয়াৰ উদাহৰণ দাঙি ধৰিলে হায়দৰাবাদৰ এই ঘটনাই ।
কোনটো ট্ৰেফিক আইন ভংগ কৰিলে ছুপাৰহিট ‘পুষ্পা’ৰ নায়কে? হায়দৰাবাদ আৰক্ষীয়ে জনোৱা অনুসৰি, আল্লু অৰ্জুনে এখন ক’লা কাঁচৰ গাড়ীত যাত্ৰা কৰি আছিল।
কিন্তু ২০১২ চনৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি, কোনেও গাড়ীত ক’লা গ্লাছ ব্যৱহাৰ কৰিব নোৱাৰে। আৰু সেয়েহে গাড়ীৰ ক’লা গিলাচ লগাই আল্লুৱে নিয়ম ভংগ কৰে ।
এই অভিযোগৰ ভিত্তিতে দক্ষিণৰ অভিনেতাজনৰ গাড়ীখন হায়দৰাবাদৰ ব্যস্ত ৰাস্তাত ৰখাই থোৱা হৈছিল। তথ্য অনুসৰি তেওঁক ৭০০ ডলাৰ জৰিমনা বিহা হৈছিল।






























