Bhutan King Kaziranga Visit:শনিবাৰে দুপৰীয়া যোৰহাটৰ পৰা কাজিৰঙাত উপস্থিত ভূটীয়া ৰজা

জীপ চাফাৰীৰে পৰিদৰ্শন কৰে কাজিৰঙাৰ নৈসৰ্গিক দৃশ্য

bhutan king 1 1

Bhutan King Kaziranga Visit:

তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ ভূটানৰ নৃপতি ৰজা শনিবাৰে দুপৰীয়া বিশেষ বিমানযোগে গুৱাহাটীৰ পৰা উৰা মাৰে যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰলৈ ৷ বিমান বন্দৰত উস্ম আদৰণি জনায় দুই কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু অতুল বৰাই ৷

তাৰ পৰা ৰজা গৰাকী স্থল পথেৰে আহি উপস্থিত হয় কাজিৰঙাত ৷ কাজিৰঙাত উপস্থিত হোৱা ৰজা জিগমে খেছাৰ নামগ্যল ৱাংগচুক পৰম্পৰাজত ভাৱে আদৰণি জনাই বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কৃষিমন্ত্ৰী অতুল বৰা আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালিকা সহ তিনি জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে ৷

ৰজা গৰাকীয়ে কাজিৰঙাৰ ব্যক্তিগত ৰিজৰ্ট আয়’ৰাত কিছু সময় জিৰণি লৈ বিয়লি জীপ চাফাৰীৰে কহঁৰা বনাঞ্চল পৰিদৰ্শন কৰে। তাৰ পৰা উভতি আহি হাতীৰ গা ধুওৱাৰ দৃশ্য কহঁৰা বনাঞ্চলৰ প্ৰৱেশদ্বাৰ মিহিমুখত উপভোগ কৰি আপ্লুত হৈ পৰে ৷

সন্ধিয়া ভাগত বন বিভাগে আয়োজন কৰা সাংস্কৃতিক কাৰ্যসূচী উপভোগ কৰে ৰজা নামগ্যল ৱাংগচুকে ৷ আনহাতে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৰজাৰ সন্মানাৰ্থে দ্বাৰা আয়োজিত নৈশভোজত অংশ লয় ৰজা সহ তেওঁৰ ৰাজপৰিয়ালৰ সদস্যসকলে।

উল্লেখ্য যে, শুক্ৰবাৰে দুপৰীয়া প্ৰথমবাৰৰ বাবে অসমলৈ আহে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ নৃপতি জিগমে খেছাৰ নামগ্যল ৱাংগচুক। বিশেষ বিমানযোগে দুপৰীয়া ভাগত গুৱাহাটী এয়াৰপৰ্টত উপস্থিত হোৱাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফুলৰ থোপা আৰু গামোছাৰে জনায় উস্ম আদৰণি।

গুৱাহাটী এয়াৰপৰ্টৰ পৰা পোনে পোনে ভূটানী ৰজা গৰাকী ৰাওনা হয় নীলাচল পাহাৰলৈ৷ কামাখ্যা মন্দিৰৰ প্ৰৱেশ দ্বাৰত ভূটানৰ ৰজা জিগমে খেছাৰ নামগ্যল ৱাংগচুক কামাখ্যা দেৱালয়ৰ বৰদলৈয় উষ্ম আদৰণি জনায় ৷ প্ৰায় আধা ঘণ্টা সময় কামাখ্যা মন্দিৰত কটায় ভূটানৰ ৰজাই। মন্দিৰ দৰ্শন কৰি পৰিক্ৰমা কৰে ৰজা ৱাংগচুয়ে।

উল্লেখ্য প্ৰথম বাৰৰ বাবে অসমলৈ আহি কামাখ্যা দৰ্শন কৰে ভূটানী ৰজা গৰাকীয়ে। আনহাতে কামাখ্যা দেৱালয়ৰ ফালৰ পৰা ৰজাক উপহাৰ হিচাপে দিয়া হয় কামাখ্যা মন্দিৰৰ আৰ্হিৰ প্ৰতীক আৰু অংগবস্ত্ৰ ।

ইয়াৰ পূৰ্বে মন্দিৰত উপস্থিত হোৱা ৰজা গৰাকীক পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ফুলাম গামোচাৰে আদৰণি জনায় আৰু ৰজা গৰাকীক মন্দিৰ দৰ্শনত সংগ দিয়ে৷ তাৰ পাছত ভূটানী নৃপতি গৰাকী ৰাওনা হয় ৰেডিশ্বন ব্ল’লৈ ৷ সন্ধিয়া মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ স’তে এক বৈঠকত অংশ লয় ভূটান ৰজা গৰাকীয়ে ৷

আনহাতে নিশা অসম প্ৰশাসনীয় মহাবিদ্যালয় কলেজ প্ৰেক্ষাগৃহত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া ৰজাৰ সন্মানাৰ্থে আয়োজন কৰা নৈশভোজত অংশগ্ৰহণ কৰে
ভূটানৰ ৰজা জিগমে খেছাৰ নামগ্যল ৱাংগচুক আৰু তেওঁৰ লগত অহা ৰাজপৰিয়ালৰ সদস্য আৰু আমোলাবৰ্গই ৷ একেদৰে নৈশভোজত উপস্থিত থাকে সপত্নীক ৰাজ্যপাল কাটাৰিয়া,সপত্নীক মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা ,অসম মন্ত্ৰী সভাৰ সদস্য সকল আৰু ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াবৰ্গ ৷

Exit mobile version