Rowta Accident:ৰৌতাৰ ভালুকমাৰীত পথ দূৰ্ঘটনা, আহত ৮

accident 1

Rowta Accident:

শণিবাৰে  দিনৰ প্ৰায় ১০-৪৫ বজাত ওদালগুৰি জিলাৰ ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত ভালুকমাৰীত সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা। এখন ট্ৰাকৰ পিছফালে এখন মাৰুতি ভেনে প্ৰচণ্ড জোৰে খুন্দা মৰাত দূৰ্ঘটনাটি সংঘটিত হয়।

শোকাৱহ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় ভেনখনত অহা ৮ গৰাকীকৈ যাত্ৰী। ৰৌতাৰ ভালুকমাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত গুৱাহাটী অভিমুখে গৈ থকা AS-01-EB- 0363 নম্বৰৰ মাৰুতি ভেনখনে একে দিশে গৈ থকা ট্ৰাক এখনৰ পিছফালে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে।

আহত যাত্ৰীসকলক স্থানীয় ৰাইজে বাহনখনৰ দুৱাৰ ভাঙি উদ্ধাৰ কৰি ৰৌতা আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ইয়াৰে সংকটজনক অৱস্থাত থকা ৭ জনক ১০৮ এম্বুলেঞ্চেৰে তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

আহত যাত্ৰী সকল ক্ৰমে জেৰুমিনাচ বাৰাক(৫২), কাৰমিল্লা(৬২), এলিজাবেথ বাৰুৱা(৪৮) ছিলবানুছ বেক(৫২), বানিজ আলী(২৪), লুছিয়া কুজুৰ(৫৫), জেৰন বাৰুৱা(৫৩) আৰু কলম্বাছ বাৰুৱা বুলি জানিব পৰা গৈছে। আহতসকলৰ ঠিকনা সৱিশেষ জানিব পৰা হোৱা নাই।

Exit mobile version