No cold wave in November.অসমত ২০ শতাংশ কমিল বৰষুণ, নৱেম্বৰতো নাথাকিব শীতৰ প্ৰকোপ !

জুনৰ পৰা ছেপ্টেম্বৰলৈ মৌচুমী জলবায়ুৰ প্ৰভাৱত উত্তৰ-পূৱত বৰষুণৰ তাৰতম্য

cold

No cold wave in November:

জলবায়ু পৰিৱৰ্তনৰ কুপ্ৰভাৱে সমগ্ৰ বিশ্বতে প্ৰকৃতিৰ নিয়মত ভাৰসাম্যহীনতাৰ সৃষ্টি কৰাৰ সময়তে শক্তি হেৰুৱাইছে অসমলৈ প্ৰতি বছৰে আগমন ঘটা মৌচুমী জলবায়ুৰ

স্বাভাৱিক সময়তে অসমত প্ৰৱেশ কৰা মৌচুমীৰ প্ৰভাৱত অসমৰ ভূখণ্ডত এইবাৰ নপৰিল স্বাভাৱিক পৰিমাণৰ বৰষুণ। কৃষিনিৰ্ভৰ ৰাজ্যখনত মৌচুমীৰ প্ৰভাৱত হোৱা বৰষুণৰ ওপৰত নিৰ্ভৰ কৰে উৎপাদন । পিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (আইএমডি)-এ
প্ৰকাশ কৰা তথ্য মতে, ইতিমধ্যে প্রস্থান কৰা মৌচুমীৰ প্ৰভাৱত এইবাৰ অসমত স্বাভাৱিক হাৰতকৈ ২০ শতাংশ কমিছে বৰষুণৰ পৰিমাণ ৷

ৰাজ্যখনৰ বাবে বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাৰ বিষয়টো স্বাভাৱিকতে উদ্বেগজনক। লক্ষ্যণীয় যে সামগ্রিকভাৱে উত্তৰ-পূৰ্বাঞ্চলত এইবাৰ মৌচুমীৰ প্ৰভাৱত হোৱা বৰষুণৰ গড় হাৰ আছিল সন্তোষজনক। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত এইবাৰ বৰষুণৰ পৰিমাণ আছিল ৯২ৰ পৰা ৮২ শতাংশ।

অৰুণাচল প্ৰদেশ, নগালেণ্ড, মেঘালয়, ছিকিম আৰু ত্ৰিপুৰাত বৰষুণৰ পৰিমাণ আছিল স্বাভাৱিক। যোৱা জুনৰ পৰা অক্টোবৰলৈকে মৌচুমীৰ প্ৰভাৱত হোৱা বৰষুণৰ পৰিমাণ অসমত ২০ শতাংশ কমাৰ বিপৰীতে মণিপুৰত সৰ্বাধিক ৪৬ শতাংশ হাৰত হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ।

একেদৰে মিজোৰামতো কমিছে ২৮ শতাংশ বৰষুণ। উল্লেখ্য যে জুনৰ পৰা ছেপ্টেম্বৰলৈ অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত সক্ৰিয় হৈ থকা মৌচুমী জলবায়ু যোৱা ১৪ অক্টোবৰৰ পৰা ক্ৰমাৎ অসমৰ আকাশৰ পৰা আঁতৰি গৈছিল। আইএমডিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ পৰিৱেশ অধ্যয়ন কৰি ঘোষণা কৰিছিল যে দক্ষিণ-পশ্চিম মৌচুমীয়ে অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা প্ৰস্থান কৰিছে।

মৌচুমীৰ প্ৰস্থানৰ পাছতে উত্তৰ-পূৰ্বাঞ্চলত ক্ৰমাৎ শীতৰ বতৰ আৰম্ভ হৈছে যদিও বতৰ বিজ্ঞান বিভাগে এইবাৰ আগজাননী দিছে যে দেশৰ আন প্ৰান্তৰ লগতে অসমসহ উত্তৰ-পূৰ্বাঞ্চলতো এইবাৰ চলিত নৱেম্বৰত শীতৰ প্ৰকোপ কমিব। পূৰ্বৰ দৰে নৱেম্বৰত শীত প্ৰৱাহৰ সলনি এইবাৰ চলিত মাহৰ দিন আৰু ৰাতি উভয় সময়তে স্বাভাৱিক হাৰতকৈ অধিক থাকিব তাপমাত্রা।

অর্থাৎ পূৰ্বৰ তুলনাত এইবাৰৰ নৱেম্বৰ হ’ব অধিক গৰম, নাথাকিব শীতৰ প্ৰকোপ। আইএমডিৰ সঞ্চালকপ্রধান মৃত্যুঞ্জয় মহাপাত্রই অলপতে নতুন দিল্লীত সদৰী কৰিছিল যে বিভিন্ন কাৰকৰ বাবে এইবাৰৰ শীত হ’ব তুলনামূলকভাৱে উষ্ণ। অর্থাৎ শীতৰ দিনতো অব্যাহত থাকিব গৰমৰ প্ৰকোপহে। চলিত নৱেম্বৰতে অনুভৱ হ’ব শীতৰ পৰিৱৰ্তে গৰমৰ প্ৰকোপ।

Exit mobile version