Son Will Be Sold- Father Writes On Placard:ল’ৰা বিক্ৰী হ’ব-প্লেকার্ডত লিখিলে পিতৃয়ে

সুতখোৰ মহাজনৰ কবলত পৰি উত্তৰপ্ৰদেশত পুত্ৰকে মেলিলে বজাৰত

son sale

Son Will Be Sold- Father Writes On Placard:

ঋণ লৈ সামান্য মাটি ক্রয় কৰিব বিচাৰিছিল ; কিন্তু সেই ঋণেই কাঁইটৰ দৰে ডিঙিত লাগি ধৰিছিল। সেই ঋণৰ টকা পৰিশোধ কৰাৰ বাবে উত্তৰপ্ৰদেশৰ আলিগড়ত পুত্ৰক বিক্ৰী কৰিবলৈ ৰাস্তাত বহিল এজন ঋণদায়গ্রস্ত পিতৃয়ে।

ফুটপাথত এখন প্লে-কার্ড লৈ এজন লোক বহি আছে। প্লে- কাৰ্ডত হিন্দীত লিখা কথাখিনিৰ অৰ্থ হৈছে, ‘ল’ৰা বিক্ৰী হ’ব। ম‍ই মোৰ ল’ৰাক বিক্ৰী কৰিব বিচাৰো। এই ঘটনাৰ ফটো প্ৰকাশ পোৱাৰ পাছতে অৱশ্যে আৰক্ষী তৎপৰ হৈছে; কিন্তু তাৰ পূৰ্বেই সুতখোৰ মহাজনৰ কবলত পৰি সৰ্বস্বান্ত হ’ল এজন সাধাৰণ নাগৰিক ।

দাৰিদ্ৰ্য্যৰ স’তে নিতৌ সংগ্ৰাম কৰিয়ে বাছি আছে আলিগড়ৰ ই-ৰিক্সা চালক ৰাজকুমাৰ। ই-ৰিক্সাখনেই তেওঁৰ উপাৰ্জনৰ একমাত্র উপায়। সেই ৰাজকুমাৰেই
নিজৰ পুত্ৰক বিক্ৰী কৰিবলৈ ফুটপাথত বহিছে। পাঁচ-ছয় লাখ টকাতে তেওঁ পুত্ৰক বিক্ৰী কৰিবলৈ ৰাজি আছে।

সূত্ৰই জনোৱা মতে, সৰু মাটি এডোখৰ ক্ৰয় কৰাৰ বাবে ৰাজকুমাৰে এজন স্থানীয় মহাজনৰ পৰা ৫০ হেজাৰ টকা ঋণ লৈছিল। অভিযোগ অনুসৰি, সেই মহাজনে এনেকুৱা পাকত পেলালে যে ৰাজকুমাৰে মাটি ক্ৰয় কৰিবতো নোৱাৰিলেই, ঋণ কৰা টকাখিনিও পানীত পৰিল। ঋণৰ দায়ত দিশহাৰা হৈ পৰে ৰাজকুমাৰ।

আনহাতে, মহাজনে ধন বিচাৰি অত্যাচাৰ আৰম্ভ কৰে। ৰাজকুমাৰে অভিযোগ কৰে যে তেওঁৰ পৰিয়ালক একাধিকবাৰ ঘৰৰ পৰা উলিয়াই দিয়া হৈছে। তেওঁক মাৰপিটো কৰা হৈছে। আনকি টকা নাপাই মহাজনে তেওঁৰ ই- ৰিক্সা খনো কাঢ়ি নিছিল। সকলো হেৰুৱাই অসহায় লোকজনে নিজৰ পুত্ৰক বিক্ৰী কৰাৰ সিদ্ধান্ত লয়।

সেই সিদ্ধান্ত অনুসৰিয়ে তেওঁ পত্নী আৰু দুই সন্তানৰ স’তে প্লে- কার্ড লৈ ৰাস্তাত বহিছিল। এক সর্বভাৰতীয় সংবাদ মাধ্যমক ৰাজকুমাৰে কয়, টকা ঘূৰাই বিচাৰি মহাজনে মাজে-মধ্যে মোৰ ল’ৰা-ছোৱালীৰ আগতে মোক প্ৰহাৰ কৰিছিল। ঘৰৰ পৰা আমাক কিমান বাৰ যে উলিয়াই দিছে।

মোৰ উপাৰ্জনৰ একমাত্র পথ ই- ৰিক্সা খনো তেওঁ জব্দ কৰিছে। থানালৈ গ’লে মোক ধমকহে দিয়ে। মোৰ এজাহাৰো আৰক্ষীয়ে লোৱা নাই।’ ৰাজকুমাৰে লগতে দাবী কৰে যে তেওঁ ইতিমধ্যে দুহেজাৰ টকা ঘূৰাই লৈছে আৰু বাকীখিনিও দিয়াৰ চেষ্টা চলাই আছে।

কিন্তু মহাজনৰ অত্যাচাৰে সীমা চেৰাই যোৱাত তেওঁ একপ্রকাৰ বাধ্য হৈছে পুত্রক বিক্রী কৰাৰ সিদ্ধান্ত লৈছিল। ফুটপাথত পুত্ৰক বিক্ৰীৰ সামগ্ৰী কৰি বহা ৰাজকুমাৰৰ ফটো সামাজিক মাধ্যমত প্রকাশ পোৱাৰ পাছতে উত্তৰ প্ৰদেশত তোলপাৰ লাগে।

এই ঘটনাত ইতিমধ্যে ৰাজনীতিত ধুমুহা সৃষ্টি হয় ৷ সমাজবাদী পাৰ্টীৰ প্ৰধান অখিলেশ যাদৱে এই বিষয়টোক প্রকৃত অমৃতকালৰ স’তে তুলনা কৰিছে।

আনহাতে, অভিযুক্ত মহাজনক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। ৰাজকুমাৰেও সম্প্ৰতি পৰিয়ালসহ নিজগৃহলৈ ৰাওনা হৈছে।

Exit mobile version