Assam Police Jawan On Election Duty In Mizoram Goes Missing:নগাঁৱৰ বঢ়মপুৰৰ নৱম অসম আৰক্ষীৰ নৱম বেটেলিয়নত অঘটন

মিজোৰাম-ম্যানমাৰ সীমান্তৰ পৰা নিখোজ বেটেলিয়নন এজন আৰক্ষী জোৱান, সন্ধানহীন আৰক্ষী জোৱান জনৰ নাম সবিন নাথ

jawan missing

Assam Police Jawan On Election Duty In Mizoram Goes Missing:

মিজোৰাম বিধানসভা নিৰ্বাচনত নিৰাপত্তা দায়িত্বত নিয়োজিত অসম আৰক্ষীৰ জোৱান সন্ধানহীন

নগাঁৱৰ বঢ়মপুৰস্থ অসম আৰক্ষীৰ নৱম বেটেলিয়নৰ কনিষ্টবল চবিন নাথ দেওবাৰে মিজোৰামৰ চাইটুৱালৰ এনগোপা মিডিল স্কুলৰ পৰা এনগোপা গাঁৱলৈ নিৰ্বাচনৰ নিৰাপত্তাৰক্ষী হিচাপে যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ আছে ৷

সন্ধানহীন চবিন নাথৰ ঘৰ নগাঁও জিলাৰ চামগুৰিত ৷ ইতিমধ্যে সন্ধানহীন হোৱাৰ খবৰ লাভ কৰাৰ পাছতে বঢ়মপুৰস্থ অসম আৰক্ষীৰ নৱম বেটেলিয়নৰ কৰ্তৃপক্ষই যোগযোগ অব্যাহত ৰাখিছে মিজোৰাম আৰক্ষী হেড কোৱাৰ্টাৰৰ স’তে ৷

চুবুৰীয়া ৰাজ্যৰ নিৰ্বাচনত নিৰাপত্তাৰ দায়িত্বত নিয়োজিত হৈ থকাৰ সময়ত অসম আৰক্ষী জোৱান নিখোজক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷

Exit mobile version