Chhattishgarh Election Polling : ছত্তিশগড়ৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অব্যাহত থকাৰ মাজতে অঘটন !

ছুকমা জিলাত পুনৰ আই ই ডি বিস্ফোৰণ চি আৰপি এফ জোৱান আহত, বিয়লি দুই বজালৈ ছত্তীশগড়ত ভোটদানৰ হাৰ ৪৪ ৫৫

chhattishgarh 1

Chhattishgarh Election Polling :

ছত্তিশগড়ৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ পুৱাৰে অব্যাহত থকাৰ মাজতে নক্সাল অধ্যুষিত ছুকমা জিলাত সংঘটিত হ’ল এক আই ই ডি বিস্ফোৰণ

জিলাখনৰ টোন্দামাৰ্কাত সংঘটিত হোৱা আই ই ডি বিস্ফোৰণত চি আৰ পি এফ কোব্ৰা কামাণ্ডোৰ এগৰাকী জোৱান আহত হৈছে ।

প্ৰাপ্ত খবৰ অনুসৰি ,ভোটগ্ৰহণৰ সময়ত যাতে কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য সংঘটিত নহয় তাৰ বাবে নিৰাপত্তা সুনিশ্চিত কৰিবলৈ টোন্দামাৰ্কা চি আৰ পি এফ শিবিৰৰ পৰা চি আৰ পি এফ আৰু কোব্ৰা কামাণ্ডোৰ ২০৬ নং বেটেলিয়নৰ এটা যুটীয়া দলে টহল দিবলৈ এলমাগুণ্ডাৰ দিশে গৈ থকা সময়তে সংঘটিত হয় এই বিস্ফোৰণ ।

উল্লেখযোগ্য যে, যোৱা দুদিনৰ ভিতৰত ছত্তীশগড় সংঘটিত হোৱা এইটো দ্বিতীয়টো বিস্ফোৰণৰ ঘটনা। সোমবাৰে কাংকেৰত আই ই ডি বিস্ফোৰণত বিএছএফৰ এজন কনিষ্টবল আৰু ভোটগ্ৰহণৰ বাবে নিয়োজিত দুজন লোক আহত হয়।

ছোটেবেঠিয়া আৰক্ষী থানাৰ অন্তৰ্গত ৰেংগাগণ্ডিৰ সমীপত নক্সালবাদীয়ে সংঘটিত কৰিছিল বিস্ফোৰণ ৷ বিএছএফৰ জোৱানসকলে নিয়মীয়া তালাচীৰ বাবে যাওতে এই ঘটনা ঘটে। বিস্ফোৰণত প্রকাশ চান্দ নামৰ বি এছ এফৰ আহত জোৱান জনক ততাতৈয়াকৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় ছোটেবেঠিয়ালৈ ৷

উল্লেখ্য যে,আজি ৰাজ্য খনৰ মুঠ ৯০ খন বিধানসভা আসনৰ ২০ খন আসনৰ বাবে প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া কটকটীয়া নিৰাপত্তাৰ মাজত আৰম্ভ হৈছে ৷ পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ১০ খন আসনত আৰু বাকী ১০ খন আসনত পুৱা ৮ বজাৰ পৰা বিয়লি ৫ বজালৈ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব ৷ শেহতীয়া খবৰ অনুসৰি বিয়লি দুই বজালৈ ছত্তীশগড়ত ভোটদানৰ হাৰ ৪৪ ৫৫ ৷

উল্লেখ্য যে ২০টা সমষ্টিৰ ভিতৰত অন্যতম কন্টা বিধানসভা সমষ্টিৰ অন্তগৰ্তৰ ৷ এই সমষ্টিটো নক্সাল অধ্যুষিত অঞ্চল হিচাপে চিহ্নিত ৷ একেদৰে আন কেইবাটাও সমষ্টি মাওবাদী প্ৰভাৱিত বাষ্টাৰ ডিভিজনৰ এলেকাধীন ৷

Exit mobile version