Reform In Criminal Justice System Of The Country:ব্ৰিটিছ ব্যৱস্থাত ব্যৱহ্ত আইন অন্ত পৰাৰ দিশত

সলনি হ'ব দেশৰ ফৌজাদাৰী আইন ব্যৱস্থা, তিনি পুৰণি ফৌজাদাৰী আইনৰ স্থানত হ'ব নতুন আইন ব্যৱস্থা

new low 1

Reform In Criminal Justice System Of The Country:

দেশত ব্ৰিটিছ ব্যৱস্থাত ব্যৱহ্ত আইন শীৰ্ঘেই অন্ত পৰাৰ দিশত ৷ সলনি হ’ব দেশৰ ফৌজাদাৰী আইন ব্যৱস্থা ৷

দেশত পূৰ্বে ব্যৱহ্ত তিনি পুৰণি ফৌজাদাৰী আইনৰ স্থানত নতুন আইন অনাৰ বাবে ইতিমধ্যে গৃহ বিভাগৰ সংসদীয় সমিতিয়ে অনুমোদন জনাই ৷

সেই অনুসৰি সলনি হ’ব ভাৰতীয় দণ্ডবিধি, ১৮৬০ আইনখন ৷ একেদৰে ভাৰতীয় ফৌজদাৰী আইনৰ স্থানত ভাৰতীয় ন্যায় সংহিতা বিধেয়ক ২০২৩ ৷

আনহাতে চিআৰপিচি ১৮৯৮ ৰ স্থানত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা বিধেয়ক ২০২৩ ৷ একেদৰে সলনি হ’ব ইণ্ডিয়ান এভিডেন্স এক্ট ১৮৭২খনো ৷ নতুনকৈ আহিব ভাৰতীয় সাক্ষ্য বিধেয়ক ২০২৩ ৷

উল্লেখ্য যে, দেশৰ ন্যায়িক ব্যৱস্থাত ব্যাপক পৰিৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷ চলিতবৰ্ষৰ আগষ্টত লোকসভাত দাখিল কৰা হৈছিল তিনি খন নতুন বিধেয়ক ৷

ইয়াৰ পাছতে এই তিনি নতুন বিধেয়ক কেইখন পৰ্যালোচনাৰ বাবে প্ৰেৰণ কৰা হয় গৃহ বিভাগৰ সংসদীয় সমিতিলৈ ৷ শেহতীয়াকৈ তিনিমাহৰ মাৰাথন পৰ্যালোচনাৰ অন্তত সংসদীয় সমিতিয়ে জনাই অনুমোদন ৷

ইয়াৰ লগে লগে শীৰ্ঘেই আইনত পৰিণত তিনি নতুন আইন ৷ অৱসান ঘটিব ব্ৰিটিছ ব্যৱস্থাত ব্যৱহ্ত আইন ব্যৱস্থা ।

Exit mobile version