SDGP Pressmeet In Guwahati:মানৱ সৰবৰাহৰ বিৰুদ্ধে দেশৰ দহ ৰাজ্যত মাৰাথন অভিযান নিয়াৰ

অভিযানত অংশগ্ৰহণ অসম আৰক্ষীৰ ১৭ টা দলৰ, বাংলাদেশৰ ৰোহিংগীয়া প্ৰেৰণ কৰা ৪৭ মানৱ সৰবৰাহকাৰী এজেণ্টক গ্ৰেপ্তাৰ, সংবাদমেলত সদৰি কৰিলে এছ ডিজি পি হৰমিৎ সিঙে

sdgp

SDGP Pressmeet In Guwahati:

চুবুৰীয়া দেশ বাংলাদেশৰ কক্সবজাৰৰ ট্ৰেকনাভ নদীৰ পাৰত দীৰ্ঘদিনৰ পৰা শৰনাৰ্থী শিৱিৰত থকা কে’বা লক্ষাধিক ম্যানমাৰৰ প্ৰৱজনকাৰী ৰোহিংগীয়া মুছলিম এতিয়া মুৰৰ কামোৰণি হৈ পৰিছে শ্বেখ হাছিনা চৰকাৰৰ ।

মানৱীয়তাৰ খাতিৰত কক্সবজাৰত থাকিব দিয়া ৰোহিংগিয়াৰ ভৰণপোষণত সৰ্বস্বান্ত হোৱাৰ উপক্ৰম হৈছে বাংলা চৰকাৰৰ ৷ তীব্ৰ খাদ্য সংকটৰ সন্মুখীন হোৱা ৰোহিংগিয়াৰ একাংশক প্ৰলোভিত কৰি একাংশ মানৱ সৰবৰাহকাৰীয়ে অবৈধভাৱে ভাৰতৰ ভিন্ন স্থানলৈ ৰোহিংগীয়া প্ৰেৰণ কৰাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে

৷জাকে জাকে ৰোহিংগিয়া সিচঁৰিত কৰি দিয়া হৈছে দেশৰ কেতবোৰ অঞ্চলত । এনে মানৱ সৰবৰাহকাৰী এজেণ্টৰ বিৰুদ্ধে দেশজুৰি তীব অভিযান চলাইছে নিয়াই(NIA)৷

ইতিমধ্যে দেশৰ দহ ৰাজ্যত মাৰাথন অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে ৪৭ এজেণ্টক ৷ নিয়াই বুধবাৰে পুৱাই দেশৰ ১০ খন ৰাজ্যত চলাইছে অভিযান। ত্রিপুৰা, কৰ্ণাটক, হাৰিয়ানা, ৰাজস্থান,পুডুচেৰী,অসম, পশ্চিমবংগ আৰু জম্মু কাশ্মীৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশত অব্যাহত আছে এই অভিযান।

নিয়াৰ এই অভিযানত অংশ লৈ অসম আৰক্ষীৰ ১৭টা দলে অসমৰ ভিন্ন প্ৰান্তত বুধবাৰে পুৱাৰে অভিযান চলাই আটক কৰে ৫ টা ৰোহিংগিয়া সৰবৰাহ কৰা কুখ্যাত দালালক।

আজি গুৱাহাটীত অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰি কৰে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমিৎ সিঙে

নিয়াৰ দ্বাৰা অসমত অব্যাহত থকা অভিয়ানৰ তদাৰক কৰি থকি এছডিজিপি গৰাকীয়ে উল্লেখ কৰা মতে পুৱা প্ৰায় ২ বজাত জম্মুৰ বাথুণ্ডি অঞ্চলত অস্থায়ী বাসগৃহত বাহৰ পাতি থকা ম্যানমাৰৰ পৰা প্ৰব্ৰজন কৰা জাফৰ আলম নামৰ ৰোহিংগিয়া লোকজনক নিয়াৰ দলে গ্ৰেপ্তাৰ কৰে যদিও আন এজন ৰোহিংগিয়া পলায়ন কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে, নিয়াই লাভ কৰা তথ্য অনুসৰি বাংলাদেশৰ কক্সবজাৰ ৰোহিংগিয়া শৰনাৰ্থী শিৱিৰৰ পৰা অবৈধভাৱে মানৱ সৰবৰাহ কৰি এই লোকসকলক দেশৰ ভিন্ন প্ৰান্তত ভুৱা এন আৰ চি সহ জাল প্ৰমাণ পত্ৰ প্ৰস্তুত কৰি বসতি স্থাপন কৰি দিয়া হৈছে।

মনকৰিবলগীয়া যে, ত্ৰিপুৰা আৰু নামনি অসমত আৰক্ষীয়ে চলিত মাহৰ মাজ ভাগত কে’বাজনো অবৈধ ৰোহিংগিয়া মুছলমানক আটক কৰিবলৈ সক্ষম হৈছিল ৷ আনকি গুৱাহাটী ৰে’ল ষ্টেচনতো মহিলা- শিশু সহ আটক হৈছিল ৰোহিংগিয়া পৰিয়াল ৷

Exit mobile version