Blood Broker Arrested Again At GMCH:জিএমচিএইছত পুনৰ আটক তেজৰ দালালক

dalal

Blood Broker Arrested Again At GMCH:

মহানগৰীৰ ভঙাগড়স্থ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত পুনৰ গ্ৰেপ্তাৰ তেজৰ দালালক ৷ ৰোগীক সংগোপনে ধন লৈ তেজ সৰবৰাহৰে দালালি কৰা শ্বেখ নামৰ লোক এজনক আৰক্ষীয়ে আটক কৰে ৷

উল্লেখ্য যে,দীৰ্ঘদিনৰ পৰা জিএমচিএইছ চৌহদত দহজনীয়া চক্ৰ এটাই তেজ দিয়াৰ নামত দালালি অব্যাহত ৰাখিছিল ৷ বৃহস্পতিবাৰে ৰোগীৰ আত্মীয় এজনৰ পৰা ১০ হাজাৰ টকা বিচাৰিছিল শ্বেখ নামৰ তেজৰ দালালটোৱে ৷

তেজৰ বিনিময়ত টকা বিচৰা সন্দৰ্ভত ৰোগীৰ আত্মীয় এই বিষয়ে অৱগত কৰিছিল জিএমচিএইছ কৰ্তৃপক্ষক ৷ সেই অনুসৰি দালালটোৱে টকা লওতেই আটক কৰে কৰ্তৃপক্ষই ৷ ইতিমধ্যে আটকাধীন তেজৰ দালালটোক ভঙাগড় আৰক্ষীক চমজাই দিয়া হয় ৷

Exit mobile version