Bokakhat Firing:বোকাখাতত দিন-দুপৰতে চাঞ্চল্যকৰ গুলীচালনা

শিক্ষকলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা, গুলীবৃদ্ধ ডিফলু পথাৰ হাইস্কুলৰ শিক্ষক উদয় চাংমা, দুৰ্বৃত্তই লুটি নিলে নগদ ধন আৰু বাইক

firing 1

Bokakhat Firing:

বোকাখাতত দিনদুপৰতে চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা ৷ আজি বিয়লি এজন শিক্ষকলৈ লক্ষ্য কৰি দুষ্কৃতিকাৰীৰ নিৰ্বিচাৰ গুলীচালনা ৷ ফলত গুলীবিদ্ধ হয় শিক্ষকজন ৷ সোঁভৰিৰ আঠুৰ তলত গুলীবিদ্ধ শিক্ষকজন ডিফলু পথাৰ হাইস্কুলৰ শিক্ষক উদয় চাংমা ৷

আনহাতে শিক্ষকজনৰ পৰা দুৰ্বৃত্তই লুটি নিয়ে নগদ ধন আৰু বাইক ৷ স্কুল ছুটিৰ পিছত বাইকেৰে গৃহাভিমুখী হোৱাৰ পথতে সংঘটিত এই চাঞ্চল্যকৰ ঘটনা ৷

ইতিমধ্যে আহত শিক্ষকজনক সহকৰ্মীয়ে উদ্ধাৰ কৰি ততাতৈয়াকৈ ভৰ্তি কৰে বোকাখাত অসামৰিক চিকিৎসালয়ত ৷ পাছত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ ৷

Exit mobile version