Morigaon Incident:মৰিগাঁৱত ছাত্ৰীক চুৰিকাঘাত দুই যুৱকৰ

student attack

Morigaon Incident:

মৰিগাঁৱত চাঞ্চল্যকৰ ঘটনা। মৰিগাঁৱৰ দলবাৰীত এগৰাকী ছাত্রীক ছুৰীকাঘাত কৰে দুই অচিনাক্ত যুৱকে। তেজেৰে তুমৰলি হোৱা ফাৰীয়া ৰহমান নামৰ আহত ছাত্ৰী গৰাকীক ততাতৈয়াকৈ ভৰ্তি কৰা হয় হাস্পতালত ৷

প্ৰাপ্ত খবৰ অনুসৰি , মৰিগাঁও চহৰৰ জ্ঞানদ্বীপ ছিনিয়ৰ ছেকেণ্ডাৰী কলেজৰ ছাত্রী ফাৰীয়া ৰহমান আজি পুৱাতে কলেজলৈ বুলি ঘৰৰ পৰা ই-ৰিক্সাৰে গৈ থকা অৱস্থাতে একেখন ই-ৰিক্সাতে অহা দুই অচিনাক্ত যুৱকে হঠাতে ছাত্ৰী গৰাকীৰ মুখত খোপা মাৰি ধৰি পাছত চুৰিকাঘাত কৰে ৷ ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে দুই যুৱক ৷

ইতিমধ্যে,আহত অৱস্থাত মৰিগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ছাত্ৰী গৰাকীয়ে সমস্ত ঘটনা সদৰি কৰে সাংবাদিকক ৷ আনহাতে ঘটনা সন্দৰ্ভত মৰিগাঁও থানাত ৰজু হোৱা গোচৰ সন্দৰ্ভত ক্ষীপতাৰে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে৷

বৰ্তমান আহত ছাত্রীগৰাকীক মৰিগাঁও চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত ।

Exit mobile version