Encounter Again In The Assam: ৰাজ্যত পুনৰ এনকাউন্টাৰ !

বোকাখাতত দিন-দুপৰতে শিক্ষকক গুলীবৃদ্ধ কৰা মুল অভিযুক্তক এনকাউন্টাৰ আৰক্ষীৰ

encounter 1

Encounter Again In The Assam:

পুনৰ ৰাজ্যত সংঘটিত হ’ল আন এটা এনকাউন্টাৰৰ ঘটনা। বোকাখাতত যোৱা বৃহস্পতিবাৰে দিন-দুপৰতে বিদ্যালয়ৰ পৰা গৃহাভিমুখী হোৱাৰ পথত এগৰাকী শিক্ষকলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰিছিল দুৰ্বৃত্তই ৷ পাছত আহত শিক্ষকজনৰ পৰা দুৰ্বৃত্তই লুট কৰি নিছিল নগদ ধন আৰু মটৰ চাইকেল খন ৷

আজি ঘটনাক্ৰমে আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি উক্ত ঘটনাৰ মুল অভিযুক্তক আৰক্ষীয়ে বোকাখাতৰ অগৰাতলীত কৰে এনকাউণ্টাৰ ৷ আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত অপৰাধীটোৰ নাম বাবু শইকীয়া বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে বোকাখাতৰ ডিফলু পথাৰ হাইস্কুলৰ শিক্ষক উদয় চাংমাক গুলীয়াই আহত কৰা ঘটনা সন্দৰ্ভত আজি কাহিলীপুৱাতে বোকাখাত আৰক্ষীয়ে ৰজাগাঁৱৰ পৰা আটক কৰিছিল বাবু শইকীয়া নামৰ কুখ্যাত অপৰাধীটোক ৷

পাছত আৰক্ষীয়ে লগত লৈ অগৰাতলীলৈ নি থকাৰ সময়তে হঠাতে আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰিছিল অপৰাধী বাবু শইকীয়াই ৷ অপৰাধীটোৰ আক্ৰমণত আহত হয় অজয় নাথ নামৰ কনিষ্টবলজন।

আনহাতে আহত শিক্ষকক গুলীওৱা ঘটনাৰ নায়ক বাবু শ‍ইকীয়াক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ ৷ আৰক্ষীয়ে বাবুৰ আন সংগীৰ সন্ধানত অব্যাহত ৰাখিছে অভিযান

Exit mobile version