NRC Coordinator Pratik Hazela Did Not Appear In Court:
কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আজি হাজিৰ নহ’ল এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলা ৷
ADVERTISEMENT
এন আৰ চিৰ বিত্তীয় অনিয়ম সন্দৰ্ভত কেগৰ ৰিপ’ৰ্টত প্ৰকাশ পাইছিল কেতবোৰ তথ্য ৷ এই সম্পৰ্কত চলচ্চিত্ৰ প্ৰযোজক তথা সমাজ সচেতক লুইত কুমাৰ বৰ্মনে হাজেলাৰ বিৰুদ্ধে গোচৰ তৰিছিল কামৰূপ সত্র ন্যায়াধীশৰ আদালতত ৷
লুইত কুমাৰ বৰ্মনে তৰা গোচৰৰ ভিত্তিত আদালতে প্ৰতীক হাজেলালৈ জাৰি কৰে চমন । আদালতৰ চমন অনুসৰি আজি শুক্ৰবাৰে সোঁ-শৰীৰে আদালতত হাজিৰ হ’ব লাগিছিল এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক গৰাকী । কিন্ত আজি আদালতত হাজিৰ হোৱাৰ পৰা বিৰত থাকিল এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক গৰাকী ৷