Ghagrapar:ঘগ্ৰাপাৰত শালিধানৰ পথাৰত শুঁৰ পোকৰ উপদ্ৰৱ

দুশ্চিন্তাত কৃষক সমাজ

ghagrapar

Severe Pest Attack In Paddy Field At Ghagrapar:

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ কৃষি উন্নয়ন বিষয়াৰ কাৰ্যলয়ৰ অন্তৰ্গত ঘগ্ৰাপাৰ, বৰাজোল, খাতিকুছি পঞ্চায়তৰ বিভিন্নখন গাঁৱৰ শালিধানৰ পথাৰত শুঁৰ পোকৰ উপদ্ৰৱ বৃদ্ধি পাইছে।

শুঁৰ পোকৰ উপদ্ৰৱত সংশ্লিষ্ট পথাৰসমূহ এবিধ অচিনাক্ত পোকে এফালৰ পৰা কাটি তহিলং কৰি গৈছে বুলি জানিব পৰা গৈছে। সম্প্ৰতি শালিধানৰ গা-গছবোৰ অনিষ্ট হৈছে। যাক লৈ কৃষক সমাজ দুঃশ্চিন্তাত পৰিছে। সেউজীয়া ৰঙৰ শুঁৰ পোকে চাৰিওফালৰ পৰা পথাৰখন ঘেৰি লৈছে।

এই খবৰ পোৱাৰ পিছতেই ঘগ্ৰাপাৰ কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ কৃষি বিষয়া কবিতা কোঁৱৰৰ নিৰ্দেশত এটা দলে পথাৰসমূহত গৈ উপস্থিত হয়। যাতে শুঁৰ পোকৰ পৰা ৰক্ষা কৰিব পাৰি তাৰ কাৰণে কৃষি বিভাগৰ ফালৰ পৰা বিনামূলীয়াকৈ কীটনাশক ঔষধ বিতৰণ কৰে। কৃষি বিভাগৰ কৰ্মচাৰীসকলৰ উপস্থিতিত পোক মৰা ঔষধবিধ পানীত মিহলাই পথাৰত ব্যৱহাৰ কৰা হয়।

শুক্ৰবাৰে খাতিকুছি, জুগুৰকুছি, ভিঠা মহল, এক নম্বৰ বৰাজোল, চত্ৰা, দুই নম্বৰ বৰাজোল, নীলপুৰ, হাবলাখা গাঁৱৰ বিভিন্নখন পথাৰত উপস্থিত হোৱা দলটোত আছিল ঘগ্ৰাপাৰ কৃষি উন্নয়ন কৃষি সম্প্ৰসাৰণ সহায়ক ক্রমে সন্তোষ দৈমাৰী, দুলাল বেজবৰুৱা, আমিৰ হুছেইন আদি।

উল্লেখ্য যে কৃষি বিজ্ঞান কেন্দ্ৰৰো বৰ্তমানলৈ কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ উঠিছে। ইফালে ক্ষতিগ্রস্ত কৃষকসকলে কৃষি বিভাগক উপযুক্ত ক্ষতিপূৰ্ণ দিয়াৰ দাবী জনাইছে।

Exit mobile version