India’s Imports Increase Worryingly:ভাৰতৰ আমদানি উদ্বেগজনকভাৱে বৃদ্ধি

অক্টোবৰত আমদানি ১২.৩ শতাংশলৈ বৃদ্ধি, বাণিজ্যিক ঘাটিৰ পৰিমাণ অভিলেখ ৩১.৪৬ বিলিয়ন ডলাৰলৈ বৃদ্ধি, স্তিমিত হৈছে ৰপ্তানি-বাণিজ্য ,বিপদ মাতিছে অর্থনীতিলৈ

import

India’s Imports Increase Worryingly:

ভাৰতৰ অৰ্থনীতিক যি সময়ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতিৰূপে গঢ়ি তুলিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে সেই সময়তে এই ক্ষেত্ৰত কঠিন প্রত্যাহ্বান কঢ়িয়াই আনি দেশৰ ব্যবসায়িক সামগ্ৰীৰ বাণিজ্যিক ঘাটি বৃদ্ধিয়ে অভিলেখ সৃষ্টি কৰিছে।

কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি যোৱা অক্টোবৰত দেশত বাণিজ্যিক ঘাটি ৩১.৪৬ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে। অথচ দেশৰ অৰ্থনীতিবিদসকলে ঠাৱৰ কৰিছিল যে যোৱা মাহত দেশৰ বাণিজ্যিক ঘাটি ২০.৫০ বিলিয়ন ডলাৰৰ ভিতৰতে সীমাবদ্ধ থাকিব; কিন্তু অর্থনীতিবিদসকলে আশা কৰাতকৈ ভাৰতৰ বাণিজ্যিক ঘাটি বহুলাংশে ঊর্ধ্বগামী হৈছে।

উল্লেখ্য যে যোৱা মাহত ভাৰতৰ ব্যৱসায়িক সামগ্ৰীৰ ৰপ্তানিৰ পৰিমাণ আছিল ৩৩.৫৭ বিলিয়ন ডলাৰ; কিন্তু এই সময়ছোৱাত আমদানিৰ পৰিমাণ বৃদ্ধি পাইছে ৬৫.০৩ বিলিয়ন ডলাৰলৈ। আনহাতে, যোৱা বছৰ অক্টোবৰত দেশৰ আমদানিৰ পৰিমাণ ৫৭.১১ বিলিয়ন ডলাৰৰ বিপৰীতে ৰপ্তানিৰ পৰিমাণ আছিল ৩১.৬০ বিলিয়ন ডলাৰ ।

কেন্দ্রীয় বাণিজ্য মন্ত্রণালয়ে প্ৰকাশ কৰা তথ্য মতে, যোৱা অক্টোবৰৰ ভিতৰত দেশলৈ সোণৰ আমদানি ৯৫ শতাংশ বৃদ্ধি পাইছিল। সোণৰ আমদানিৰ পৰিমাণ দ্ৰুতগতিত বৃদ্ধিৰ এই হাৰে ভাৰতৰ বাণিজ্যিক ঘাটিৰ পৰিমাণ দ্ৰুতগতিত ঊর্ধ্বগামী হোৱাত অৰিহণা যোগাইছে।

বাণিজ্য মন্ত্রণালয়ৰ সূত্ৰ মতে, যোৱা অক্টোবৰত ভাৰতৰ সোণৰ আমদানিৰ মূল্য আছিল ৭.২৩ বিলিয়ন ডলাৰ। উল্লেখ্য যে পোহৰৰ উৎসৱ দীপাৱলীকে ধৰি সামগ্রিকভাৱে উৎসৱৰ বতৰত দেশত বৃদ্ধি পাইছে সোণৰ চাহিদা ৷ সোণ বিক্ৰীৰ পৰিমাণ বৃদ্ধিৰ লগে লগে ঊর্ধ্বগামী হৈছে সোণ আমদানিৰ গ্ৰাফডাল ।

বিগত ১৩টা মাহত ভাৰতৰ আমদানিৰ পৰিমাণ সর্বাধিক দ্রুতগতিত অর্থাৎ ১২.৩ শতাংশ হাৰত বৃদ্ধি পাইছে। ইয়াৰ বিপৰীতে অক্টোবৰলৈকে ভাৰতৰ ৰপ্তানি বাণিজ্যৰ পৰিমাণ বিগত ১১টা মাহত মাথোঁ ৬.২ শতাংশলৈহে বৃদ্ধি পাইছে, যাৰ পৰিমাণ ৩৩.৬ বিলিয়ন মার্কিন ডলাৰ।

সংবাদ সংস্থাই প্ৰকাশ কৰা মতে, ভাৰতৰ আমদানি বাণিজ্যৰ গতি তীব্ৰতৰ হোৱা সত্ত্বেও চৰকাৰে কেৱল ৰপ্তানি বাণিজ্যৰ ওপৰতহে গুৰুত্ব প্ৰদানৰ পোষকতা কৰিছে আৰু আমদানি বৃদ্ধি পোৱাৰ বাবে মূলতঃ বিশ্ব বাণিজ্যৰ কেন্দ্ৰসমূহক দোষাৰোপ কৰিছে। যাৰ ফলত ভাৰতীয় অর্থনীতি টনকিয়াল কৰিব পৰা ৰপ্তানি বাণিজ্যৰ লেহেম গতিৰ বিষয়টো ভাৰতীয় অৰ্থনীতিৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে।

আত্মনিৰ্ভৰ ভাৰতৰ সফলতা কোন দিশে :

সর্বক্ষেত্ৰতে বিদেশৰ ওপৰত ভৰসা কৰাৰ পৰিৱৰ্তে আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাৰ শ্ল’গান দিয়া ভাৰত চৰকাৰে চীনৰ স’তেও বাণিজ্যিক সম্পৰ্ক পূৰ্বতকৈ উন্নত কৰিছিল যদিও বিগত বিত্তীয় বৰ্ষত চীনৰ স’তেও ৰপ্তানি বাণিজ্যৰ পৰিমাণ হ্ৰাস পাইছে।

কেন্দ্রীয় বাণিজ্য মন্ত্রণালয়ে প্রকাশ কৰা তথ্য মতে, ২০২২-২৩ত চীনলৈ ভাৰতৰ ৰপ্তানি প্ৰায় ২৮ শতাংশ হ্রাস পাই ১৫.৩২ বিলিয়ন ডলাৰলৈ অৱনমিত হৈছিল। ইয়াৰ বিপৰীতে বিগত বৰ্ষত চীনৰ স’তে আমদানিৰ পৰিমাণ ৪.১৬ শতাংশ বৃদ্ধি পাই ১৮.৫১ বিলিয়ন ডলাৰৰ ধনৰ ব্যৱসায় হৈছে।

পৰিসংখ্যা মতে, ২০২১-২২ত বাণিজ্যিক ব্যৱধান ৭২.১১ বিলিয়ন ডলাৰ হোৱাৰ বিপৰীতে ২০২৩ত বাণিজ্যিক ব্যৱধানৰ হাৰ অভিলেখসংখ্যক ৮৩.২ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে । উল্লেখ্য যে বিগত বৰ্ষত চীনৰ স’তে দ্বিপাক্ষিক বাণিজ্যৰ হাৰ তুলনামূলকভাৱে ১.৫ শতাংশ অর্থাৎ ১১৩.৮৩ বিলিয়ন ডলাৰলৈ নিম্নগামী হৈছে।

২০২১-২২ত এই হাৰ আছিল ১১৫.৪২ বিলিয়ন ডলাৰ। ইফালে, চলিত ২০২৩ত আমেৰিকাৰ সু’তে দ্বিপাক্ষিক বাণিজ্যৰ হাৰ আছিল ১২৮.৫৫ বিলিয়ন ডলাৰ। অৰ্থাৎ ২০২৩৩ চীনৰ তুলনাত দ্বিপাক্ষিক বাণিজ্যৰ দিশেৰে ভাৰতৰ বাবে আমেৰিকাহে অধিক বিশ্বস্ত বাণিজ্যিক বন্ধুৰূপে চিহ্নিত হোৱাৰ পথত আগবাঢ়িছে।

Exit mobile version