Two SUCI Members Arrested In Nalbari:নলবাৰীত আন্দোলনকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ কঠোৰ স্থিতি

আৰক্ষীৰ কঠোৰ স্থিতি দুজন এছইউচিআই সদস্যক আটক

nalbari 1

Two SUCI Members Arrested In Nalbari:

নলবাৰীৰ বিধায়ক তথা মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই বৃহস্পতিবাৰে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় উদ্বোধন কৰি নলবাৰী অস্থিৰ কৰিবৰ বাবে কেইজনমান বহিৰাগত বাওঁপন্থীয়ে অহৰত প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মন্তব্য কৰি এইসকলক শীৰ্ঘেই নলবাৰী ত্যাগ কৰিবলৈ হুংকাৰ দিছিল ৷

স্থানীয় বিধায়ক গৰাকীৰ এই মন্তব্যৰ পাছতে আন্দোলনকাৰীৰ বিৰুদ্ধে তৎপৰ হৈ পৰে নলবাৰী আৰক্ষী৷ শুক্ৰবাৰে আৰক্ষীয়ে অভিযান চলাই শ্বহীদ মুকুন্দ কাকতি সুৰক্ষা সমিতিৰ অন্যতম সদস্য জিতেন্দ্র জৈনক আটক কৰে যদিও সোধপোছৰ অন্তত নিশাই মুকলি কৰে ৷

আনহাতে শণিবাৰে বাঁওপন্থী এছইউচিআই দুই সদস্য কেনেডী পেগু আৰু মুনীন্দ্ৰ দলেক আন্দোলনৰ লগত ওতপ্ৰোতভাবে জড়িত থকাৰ অভিযোগত সোধপোছৰ বাবে আটক কৰে আৰক্ষীয়ে ৷

উল্লেখ্য যে ,নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ পূৰ্বৰ মৰ্যাদা ঘূৰাই অনাৰ দাবীত অবিৰতভাবে আন্দোলন চলাই আহিছিল জিতেন্দ্ৰ জৈন সহ কেনেডী পেগু আৰু মুনীন্দ্ৰ দলেই ৷

Exit mobile version