World Cup Cricket Will Be Played In Ahmedabad Tomorrow:কাইলৈ বিশ্বকাপ ক্ৰিকেটৰ মহাৰণ

দুবাৰৰ চেম্পিয়ন ভাৰত এইবাৰ হট ফেভাৰিট, পাঁচবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়া নহয় সহজ প্ৰতিদ্বন্দ্বী, আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত মুখামুখি হ'ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ, মাজত মাত্ৰ কেইটামান ক্ষণ বাকী

cricket 1

World Cup Cricket Will Be Played In Ahmedabad Tomorrow:

দেওবাৰে বিশ্বকাপ ক্রিকেটৰ মহাৰণ। খিতাপৰ যুঁজত নামিব দুই শক্তিশালী টিম ভাৰত-অষ্ট্ৰেলিয়া

উল্লেখ্য যে,কুৰিবৰ্ষৰ পিছত বিশ্বকাপৰ ফাইনেলত পুনৰ একেলগে দেখা যাব ভাৰত-অষ্ট্ৰেলিয়াক। ইতিমধ্যে এই হাই ভল্টেজ ফাইনেল খেল খনৰ বাবে অধিৰ আগ্ৰহৰে বাট চাইছে ক্ৰিকেট প্ৰেমী ৷

আনহাতে ভাৰতৰ কে’বাজনো জ্যোতিষিয়ে ভৱিষ্যতবাণী কৰি মন্তব্য কৰিছে যে এইবাৰ বিশ্বকাপ চেম্পিয়ন হ’ব এইবাৰৰ হট ফেভাৰিট ভাৰত ৷

গুজৰাটৰ ৰাজধানী চহৰৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব লগা হাই ভল্টেজ ফাইনেল মেটচ খনত মুখামুখি হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াক ৷
উল্লেখ্য যে,দুবাৰৰ চেম্পিয়ন ভাৰত এইবাৰ হট ফেভাৰিট হোৱাৰ বিপৰীতে পাঁচবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়া ভাৰতৰ বাবে নহয় সহজ প্ৰতিদ্বন্দ্বী ৷

কাইলৈ মেটচ খনৰ বাবে ইতিমধ্যে সমগ্ৰ আহমেদাবাদ চহৰ খন সজাই পৰাই তোলাৰ নগতে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ চৌপাশ আটকধুনীয়া কৰি তোলা হৈছে ৷

ফাইনেল খেল খন উপভোগ কৰিবৰ বাবে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ,গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে অষ্ট্ৰেলিয়াৰ প্ৰধান মন্ত্রী এন্থনী আলবানিজ ৷ পি এম মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহ চহৰ আহমেদাবাদলৈ ইতিমধ্যেই আগমন ঘটিছে হাই প্ৰফাইল ভিভিআইপি আৰু ভিআইপি ৷

যাৰবাবে কটকটীয়া নিৰাপত্তা বেহু গঢ়ি তোলা হৈছে ষ্টেডিয়াম সহ আহমেদাবাদ চহৰ খন ৷  নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ১ লাখ ৩০ হাজাৰ ক্রিকেট অনুৰাগীয়ে উপভোগ কৰিবৰ বাবে বলীউডৰ তাৰকাৰ লগতে দেশ- বিদেশৰ ক্ৰিকেট অনুৰাগীৰ ভিৰ বাঢ়িছে ঐতিহাসিক চহৰখনত ৷

হাই ভল্টেজ খেলখনৰ আৰম্ভণি ,মাজভাগত আৰু সামৰণিৰ গ্রেণ্ড ফিনালেত প্ৰখ্যাতপ’পষ্টাৰ ডুৱা লিপাই সংগীত পৰিৱেশন কৰাৰ লগতে বলীউডৰ জনপ্ৰিয় সংগীত পৰিচালক প্ৰীতমৰ নেতৃত্বত পৰিবেশন কৰিব বহু কেইগৰাকী প্ৰতিষ্ঠিত কন্ঠশিল্পীয়ে।

খেল খন আৰম্ভ হোৱাৰ পূর্বে বায়ুসেনাই প্ৰদৰ্শন কৰিব এয়াৰ শ্ব’। লগতে থাকিব লেজাৰ শ্ব ৷ লেজাৰ শ্ব’ৰ বাবে ইতিমধ্যে ইংলেণ্ডৰ এটা প্ৰতিষ্ঠানক দায়িত্ব দিছে বিচিচি আইয়ে ৷ সৰ্বকালৰ এক ব্যতিক্ৰমী বাৰেৰণীয়া সাংস্কৃতিক অনুষ্ঠানৰ বাবে যোৱা এসপ্তাহ দিন ধৰি অব্যাহত আছে আখৰা। মাজত মাত্ৰ কেইটামান ক্ষণ বাকী ৷

Exit mobile version