Child Abduction Incident in Guwahati:গুৱাহাটী মহানগৰীত পুনৰ শিশু অপহৰণৰ ঘটনা

হাতীগাঁৱৰ সিজুবাৰীৰ অপহৃত শিশুক উদ্ধাৰ ক্রাইম ব্রান্সৰ ,আটক অপহৰণকাৰীৰ

child rescured

Child Abduction Incident in Guwahati:

মহানগৰীৰ হাতীগাঁৱত দেওবাৰে দিন দুপৰতে শিশু অপহৰণ ঘটনা ৷ সিজুবাৰীৰ কনকলতা পথত সংঘটিত হয় এটি ছয় বছৰীয়া শিশু।

শিশুটিৰ মাতৃয়ে উল্লেখ কৰা মতে, দেওবাৰে বিয়লী ২.৪৫ বজাত অপহৃত হয় তেওঁৰ ছয় বছৰীয়া কণমানি পুত্ৰ সন্তানটি ৷ ঘৰৰ সমীপতে জ্যেষ্ঠ ভাতৃৰ স’তে খেলি থকা অৱস্থাত নম্বৰ প্লেট বিহীন এখন বাইকত অহা দুজন অচিনাক্ত যুৱকে খেলৰ সামগ্ৰী দিয়াৰ প্ৰলোভনৰে অপহৰণ কৰে শিশুটিক।

উল্লেখ্য যে,অপহৰণৰ দৃশ্য বন্দী হয় চিচিটিভিৰ কেমেৰাত ৷ মুখত কাপোৰ বান্ধি অহা দুই যুৱকৰ এজনে শিশুটিক বাইকত উঠাই আৰু আনজনে পাছফালৰ বহি উধাও হয় ৷

ঘটনা সংঘটিত হোৱাৰ পাছত অপহ্ত শিশুটিৰ মাতৃয়ে হাতীগাওঁ থানাত এজাহাৰ দাখিল কৰে ৷ ইয়াৰ পাছতে অসম আৰক্ষীৰ ক্ৰাইম বাঞ্চ তৎপৰ হৈ পৰে অপহ্ত শিশুটিক উদ্ধাৰৰ বাবে ৷ অপহৰণৰ ২৪ ঘন্টা নৌহওঁতেই ক্ৰাইম বাঞ্চে ক্ষীপতাৰে অভিযান চলাই দক্ষিণগাঁৱৰ পৰা উদ্ধাৰ কৰে শিশুটিক ৷ লগতে আটক কৰে দুই অপহৰণকাৰীৰ এজনক ৷

অৱশ্যে অধিক তদন্তৰ খাতিৰত তথ্য সদৰি কৰাৰ পৰা বিৰত আছে আৰক্ষীো ৷ আনহাতে ক্ৰাইম বাঞ্চৰ এই সময়োচিত পদক্ষেপক সকলোৱে প্ৰশংসা কৰিছে ৷

Exit mobile version