Death Threats To PM Modi And U P Chief Minister Yogi Adityanath:হত্যাৰ ভাবুকি প্রধানমন্ত্রী মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক !

মুম্বাই আৰক্ষীৰ নিয়ন্ত্রণকক্ষলৈ ভাবুকি ভৰা ফোন কল

pm modi 1

Death Threats To PM Modi And U P Chief Minister Yogi Adityanath:

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক প্ৰাণনাশৰ ভাবুকি ৷ মুম্বাই আৰক্ষী নিয়ন্ত্ৰণ কক্ষলৈ ভাবুকিভৰা ফোন কল কৰে অচিনাক্ত পুৰুষ কন্ঠই ৷

ভাবুকিভৰা ফোন কল লাভ কৰাৰ পাছতে তৎপৰ হৈ পৰে মুম্বাই আৰক্ষী ৷ ফোন কল ট্ৰেগ কৰি ক্ষীপতাৰে অভিযান চলাই মায়ানগৰীৰ ছায়ং অঞ্চলৰ পৰা আটক কৰে এজন যুৱকক ৷

ধৃত যুৱকজনৰ নাম কামৰান খান ৷ ইতিমধ্যে মুম্বাইৰ ক্ৰাইম বাঞ্চে আটকাধীন যুৱকজনক অধিক তথ্যৰ বাবে মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷

উল্লেখ্য যে,সোমবাৰে শেষ নিশা মুম্বাইৰ পুলিচ কন্টল ৰোমলৈ আহিছিল ভাবুকিৰ ফোনকল ৷

Exit mobile version