Buffalo Attack In Chandrapur Panbari:বনৰীয়া ম’হৰ আতংক চন্দ্ৰপুৰৰ পাণবাৰীত

ম'হৰ আক্ৰমণত আহত তিনিজন লোক

foto befelow

Buffalo Attack In Chandrapur Panbari:

মহানগৰীৰ পাশ্বৱৰ্তী চন্দ্ৰপুৰত বনৰীয়া ম’হৰ সন্ত্ৰাসত আতংকিত হৈ পৰিছে পাণবাৰী অঞ্চলৰ ৰাইজ। বনৰীয়া ম’হৰ আক্ৰমণত ইতিমধ্যে আহত হৈছে তিনিজনকৈ গঞা ৷ আহত লোকসকলক ভৰ্তি কৰা হয় জি এম চি এইছত ৷

আহত লোক কেইজন হ’ল কুৰকুৰীয়াৰ চাহানাৰা খাতুন আৰু জাহানাৰা খাতুন আৰু ডিগাৰুপাৰৰ ৰাজমণি বিশ্বাস ৷ ম’হৰ আক্ৰমণৰ ঘটনা সংঘটিত হয় শনিবাৰে সন্ধিয়া ভাগত ৷

প্ৰাপ্ত খবৰ অনুসৰি, আহত লোক কেইজনে কুৰকুৰীয়াৰ শাক-পাচলিৰ বজাৰত বজাৰ কৰি থাকোঁতেই হঠাতে বনৰীয়া ম’হ এটা প্ৰৱেশ কৰে বজাৰত ৷ পাছত উন্মাদ হৈ ম’হটোৱে এফালৰ পৰা আক্ৰমণ কৰে ৷ ফলত উল্লিখিত লোক কেইজন আহত হয় ৷ আনকি ম’হটোৱে কেইবাখনো বাহনৰো ক্ষতিসাধন কৰে।

আনহাতে স্থানীয় গঞাই সদৰি কৰা মতে খাদ্যৰ সন্ধানত পবিতৰা অভয়াৰণ্যৰ পৰা ওলাই অহা দুটাকৈ বনৰীয়া ম’হে জনাঞ্চলত প্ৰৱেশ সৃষ্টি কৰে আতংকৰ ।

ইতিমধ্যে পানবাৰী ৰাইজে বনৰীয়া ম’হৰ সন্ত্ৰাস সন্দৰ্ভত বন বিভাগৰ সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰি শীৰ্ঘেই বনৰীয়া ম’হ দুটাক পবিতৰা অভয়াৰণ্যৰ ভিতৰলৈ উভতাই পঠিওৱাৰ দাবী কৰিছে ৷

Exit mobile version