ৰূপহীহাট সমষ্টিৰ শপতকঢ়া গাঁওত বন বিভাগৰ বাহিনীয়ে গুলী চালনা কৰিলে এটা ঘাতক বনৰীয়া ম’হক। বনবাহিনীয়ে ম’হটোক লক্ষ্য কৰি কেবাজাই গুলী চালনা কৰিছিল। যাৰ ফলত বনৰীয়া ম’হটো মাটিত বাগৰি পৰে। ইপিনে বন বিভাগৰ ধাৰাবাহিক গুলীচালনাত মূমুৰ্ষ হৈ পৰা ম’হটোক একাংশ লোকে তৰোৱাল, খুকুৰি আদিৰে হানি-খুচি বন বিভাগৰ চকুৰ সন্মূখতেই হত্যা কৰে। আনকি বন বিভাগৰ উপস্থিতিতেই ম’হটোক টুকুৰা টুকৰাকৈ কাটি মাংস ভগাই ল’লে একাংশ লোকে।
বনৰীয়া ম’হটোৱে পূৱাৰ ভাগত জাফৰ আলী, এলিজা খাতুন, জোৎস্নাৰা বেগম আৰু শ্বাহনাজ বেগম নামৰ চাৰিজন লোকক গুৰুতৰ ভাবে আহত কৰিছিল। আহত সকলক উন্নত চিকিৎসাৰ বাবে নগাওঁ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। আনহাতে ঘাতক বনৰীয়া ম’হৰ আক্ৰমনত নুৰ মহম্মদ(৫১) লোক জন নিহত হয়।






























