Loot The Money:মহানগৰীত চিলনী চোৰৰ সন্ত্ৰাস অব্যাহত

 চিলনী চোৰে থপিয়াই নিলে মহিলা অধিবক্তাৰ ম'বাইল,টকাৰ বেগ 

dispur police

Loot The Money:

মহানগৰীত ধাৰাবাহিকভাৱে অব্যাহত আছে চিলনী চোৰৰ সন্ত্ৰাস ৷ স্মাৰ্ট আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই দিন দুপৰতে মহানগৰীত সদম্ভে অব্যাহত ৰাখিছে চিলনী চোৰৰ অপৰাধ কাৰ্য ৷

শণিবাৰে মহানগৰীৰ সদাব্যস্ত ৰুক্মিণীনগৰত পুনৰ চিলনী চোৰৰ সন্ত্ৰাস ৷ দিনদুপৰতে স্কুটীত অহা দূৰ্বৃত্তই নামঘৰ পথত খোজকাঢ়ি গৈ থকা এগৰাকী মহিলা অধিবক্তাৰ ম’বাইল আৰু বেগ থপিয়াই উধাও হয় ৷ ইতিমধ্যে ভূক্তভোগী অধিবক্তা গৰাকীয়ে এজাহাৰ দাখিল কৰিছে দিছপুৰ থানাত৷

উল্লেখ্য যে, শুক্ৰবাৰে অনুৰূপ ঘটনা সংঘটিত হয় আঠগাঁৱত ৷ স্কুটীত অহা দুৰ্বৃত্তই এজন ব্যৱসায়ীৰ হাতৰ পৰা কাঢ়ি নিয়ে পাঁচ লাখ টকা ভৰ্তি বেগ ৷

মহানগৰীত ইটোৰ পাছত সিটোকৈ চিলনী চোৰৰ সন্ত্ৰাস অব্যাহত থকাৰ পাছতো মহানগৰ আৰক্ষীয়ে চিলনী চোৰৰ সন্ত্ৰাস ৰোধ কৰিবলৈ সক্ষম নোহোৱা বিষয়টোৱে মহানাগৰিকক উদ্বিগ্ন কৰি তুলিছে ৷

Exit mobile version