Police Firing In Lalong Gaon :মহানগৰীৰ লালুং গাঁৱত আৰক্ষী গুলচালনা

গুলীবিদ্ধ ভূ-মাফিয়া ৰমেন মদাহি

lalung gaon firing

Police Firing In Lalong Gaon :

মহানগৰীৰ মাজমজিয়াত আৰক্ষীৰ গুলীচালনা ঘটনা ৷ ভূ-মাফিয়াৰ বিৰুদ্ধে মহানগৰীৰ আৰক্ষীয়ে ব্যাপক অভিযানৰ মাজতে সোমবাৰে পুৱাতে আৰক্ষীৰ গুলীত আহত হয় কুখ্যাত ভূ-মাফিয়া এটা ।

গড়চুক থানাৰ অন্তৰ্গত লালুং গাঁৱত ভূ- মাফিয়াটোৰ সন্ধানত গড়চুক আৰক্ষী আৰু ক্ৰাইম বাঞ্চৰ যৌথ অভিযান চলাইছিল ৷

এই অভিযানৰ মাজতে আৰক্ষী দলটোক দেখি মাফিয়া ৰমেন মদাহিয়ে পলায়নৰ চেষ্টা কৰে ৷ফলত আৰক্ষীয়ে গুলীচালনা কৰে৷ আৰক্ষীৰ গুলীত গুলীবৃদ্ধ হয় কুখ্যাত ভূ- মাফিয়াটো ৷ সোঁ ভৰিত আঘাতপ্ৰাপ্ত মাফিয়াটোক ইতিমধ্যে চিকিৎসাৰ বাবে আৰক্ষীয়ে ভৰ্তি কৰে জি এম চি এইছত

উল্লেখ্য যে, অবৈধভাৱে ভূমি নামজাৰি কৰা চক্ৰ এটাই দিছপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ত সংঘটিত কৰা বিয়াগোম কেলেংকাৰী সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে এজন ডিটিপি অপাৰেটৰ, লাটমণ্ডল ,অধিবক্তা সহ ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ছজনক ৷

মনকৰিবলগীয়া যে,দিছপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ত সংঘটিত ভূমি কেলেংকাৰী মাষ্টাৰ মাইণ্ড মাটিৰ দালাল নুৰউদ্দিন আহমেদ পলাতক অৱস্থাত আছে ৷ আজি গড়চুকত গুলীবৃদ্ধ হোৱা ৰমেন মদাহী নুৰুউদ্দিনৰ অবৈধ ব্যৱসায়ীক ক্ষেত্ৰ খনৰ মেনেজাৰ আছিল ৷

Exit mobile version