Proposal To extend The Term Sattra Commission:
দুৰৱস্থাৰ গ্ৰাসত পৰা অসমৰ সত্ৰ সংস্কৃতি ৰক্ষাৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰা সত্ৰ আয়োগৰ পৰামৰ্শ অনুসৰি আগবঢ়া নাই প্রয়োজনীয় কাম-কাজ। একেদৰে বহু সত্ৰৰ পৰিচালনা সমিতিৰ দুর্বলতায়ো আয়োগক অসুবিধাত পেলাইছে।
ফলত হাতত মাত্র এমাহ থকা অৱস্থাতো চূড়ান্ত প্রতিবেদন সাজু কৰিব পৰা নাই বিধায়ক প্ৰদীপ হাজৰিকাৰ অধ্যক্ষতাত গঠিত আয়োগে। সেয়েহে কার্যকাল বৃদ্ধিৰ বাবে অতি শীঘ্রে আয়োগে চৰকাৰক আবেদন জনাব।
উল্লেখ্য যে দুবছৰীয়া কাৰ্যকাল ধাৰ্য কৰি সত্ৰ আয়োগ গঠন কৰা হৈছিল। সত্ৰসমূহৰ বৰ্তমানৰ অবস্থা, বেদখল উচ্ছেদ, সত্রীয়া সংস্কৃতি ৰক্ষা, সত্ৰসমূহক ভৱিষ্যতৰ দিনত শক্তিশালী কৰি ৰখা আদি বিষয়কেইটাক মুখা কৰি আনুষংগিক সকলো দিশ সামৰি আয়োগক চৰকাৰৰ ওচৰত প্ৰতিবেদন দিবলৈ গঠনৰ সময়তে কোৱা হৈছিল।
ইয়াৰ পৰিপ্ৰেক্ষিতত আয়োগে সকলো সত্ৰৰ ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰে। চৰজমিন অধ্যয়নত কে’বাখনো সত্ৰৰ ভূমি বেদখল হৈ থকাটো আয়োগে নিশ্চিত কৰে। সেয়েহে সংশ্লিষ্ট সত্ৰবোৰৰ ভূমিত হোৱা বেদখল উচ্ছেদৰ বাবে চৰকাৰক আয়োগে জনায়।
কিন্তু এই পর্যন্ত চৰকাৰ অতি কম পৰিমাণৰ ভূমিহে বেদখলমুক্ত কৰিবলৈ সক্ষম হৈছে বুলি আয়োগৰ সূত্ৰত প্রকাশ । প্রসংগক্রমে উল্লেখ্য যে অসমৰ সত্ৰসমূহৰ ভিতৰৰ নির্দিষ্ট কেইখনমানৰ ভূমি অধিক পৰিমাণত বেদখলকাৰীৰ কবলত পৰিছে।
যোৱা আগষ্টত দাখিল কৰা আয়োগৰ প্রাথমিক প্রতিবেদন মর্মে বিভিন্ন মহাপুৰুষে ১৫শ শতিকাৰ পৰা স্থাপন কৰা অসমত সত্ৰৰ সংখ্যা হ’ল ৪৫০ খন। তাৰে ৩০৩ খন হ’ল মূল সত্র। আনহাতে বেদখলী ভূমিৰ পৰিমাণ হ’ল ৭,৫০৪ বিঘা। লক্ষ্যণীয় দিশটো হ’ল যে এই বৃহৎ পৰিমাণৰ ভূমিৰ ৫,৫৪৫ বিঘাই হ’ল বৰপেটা জিলাৰ।
সেয়েহে আয়োগে বৰপেটা জিলাৰ বেদখলী ভূমি শীঘ্ৰে মুক্ত কৰিবলৈ চৰকাৰক আহ্বান জনাইছিল। অথচ জিলাখনৰ অতি কম পৰিমাণৰ ভূমিহে বেদখলকাৰীৰ পৰা উদ্ধাৰ কৰিবলৈ চৰকাৰ সক্ষম হৈছে ।
অন্যান্য জিলাৰ ক্ষেত্ৰতো একে পৰিৱেশ হোৱা বুলি আয়োগৰ সূত্ৰত প্রকাশ। আয়োগৰ তথ্য অনুসবি প্রধানকৈ ১০ খন জিলাৰ সত্ৰৰ ভূমি অধিক পৰিমাণত বেদখলকাৰীৰ গ্রাসত পৰিছে।
ইপিনে, বহু সত্ৰৰ পৰিচালনা ব্যবস্থাও অতি নিশকতীয়া ৰূপত চলি আছে। সেয়েহে সত্ৰবোৰ পৰিচালনাৰ বাবে চৰকাৰৰ স্তৰত ব্যৱস্থা গ্রহণৰ পোষকতা আয়োগে কৰিছে আৰু এই সন্দৰ্ভত প্রস্তাৱো দাখিল কৰা হ’ব।
সূত্ৰত প্রকাশ যে অসমৰ সত্র সংস্কৃতি ৰক্ষাৰ কথা আওৰোৱা চৰকাৰৰ দিনতে অসমত এনে যথেষ্ট সংখ্যক সত্র আছে যিবোৰে দৈনিক চাকি এগছি জ্বলাবলৈও সামর্থ্যবান নহয়। আৰ্থিক দুৰৱস্থা ইয়াৰ মূল কাৰণ।