Cm Pressmeet In Tinsukia:তিনিচুকীয়াত অনুষ্ঠিত কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

চৰকাৰী বিদ্যালয়ত পঢ়া শিক্ষাৰ্থীৰ বাবে ৫ শতাংশ আসন সংৰক্ষণ মেডিকেল, ইঞ্জিনিয়েৰিং কলেজত, কাজিৰঙাত নিৰ্মাণ হ'ব টাটাৰ তাজ গ্ৰুপৰ হোটেল, গুৱাহাটীতো আকৌ নিৰ্মাণ হ'ব ৰেডিছন ব্লুৰ হোটেলৰ নতুন চৌহদ

cabinet 1

Cm Pressmeet In Tinsukia:

শুক্ৰবাৰে তিনিচুকীয়াৰ কনভেনচন চেণ্টাৰত অনুষ্ঠিত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ পৌৰহিত্যত অনুষ্ঠিত হয় কেবিনেট বৈঠক। এই বৈঠকত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড: শৰ্মাই সংবাদমেল সম্বোধন কৰি বৈঠকত লোৱা সিদ্ধান্তসমূহ সদৰি কৰি কয় যে,চৰকাৰী বিদ্যালয়ত পঢ়া শিক্ষাৰ্থীৰ বাবে ৫ শতাংশ আসন সংৰক্ষণ হ’ব ৰাজ্যৰ মেডিকেল, ইঞ্জিনিয়েৰিং কলেজ সমূহত ৷

একেদৰে কাজিৰঙাত স্থাপন কৰা হ’ব টাটাৰ সহযোগত এখন অত্যাধুনিক তাজ হোটেল ৷ গুৱাহাটী মহানগৰীটো ৰেডিশ্যন হোটেলৰ নতুন চৌহদ স্থাপনৰ পৰিকল্পনা লয় ৰাজ্য চৰকাৰে ৷

আনহাতে অসমৰ ঔদ্যোগিক ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিনিয়োগ কৰিব ৩৮ কোটি টকা। কেবিনেটে চতুৰ্থ বৰ্গৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক ৰেচন কাৰ্ড দিয়াৰ সিদ্ধান্ত লয় ৷ ৰাজ্য বিশিষ্ঠ সাহিত্যিক তথা প্ৰৱীণ সাংবাদিক ধীৰেন্দ্ৰনাথ বেজবৰুৱালৈ ২০২৩ বৰ্ষৰ ‘চুকাফা বঁটা’ প্ৰদানৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷

বঙাইগাঁৱত ভাগ্যশ্রী নামৰ কোম্পানীৰ উদ্যোগত বেম্ব’ ক্রেছ উদ্যোগ স্থাপনৰ বাবে ৰাজ্য চৰকাৰে চি এছ আৰ শিতানত ৪৩৮ কোটি টকা ব্যয় কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ৷ আনহাতে কেবিনেটত মাটিৰ শ্রেণী বিভাজন ৫ টালৈ হ্রাস কৰাৰ লগতে ২ লাখ ১০ হাজাৰ লোকক মাটিৰ পট্টা প্ৰদানৰ সিদ্ধান্ত লয় তিনিচুকীয়া কেবিনেটে ৷

একেদৰে কেবিনেটে চাহ নিগম প্রভিডেণ্ট ফাণ্ডলৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা ১০০ কোটি টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ আনহাতে পি পি পি, এ পি পি কৰ্মচাৰীৰ চাকৰিৰ বয়স বৃদ্ধিৰো সিদ্ধান্ত লোৱা হয় কেবিনেটত ৷

মুখ্যমন্ত্ৰী শৰ্মাই আৰু উল্লেখ কৰে যে,গুৱাহাটীত এখন উচ্চ মানদণ্ডৰ চাৰ্টাট একাউণ্ট ইন্সটিটিউট স্থাপন কৰা হ’ব ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে তিনিচুকীয়া জিলাৰ উন্নয়নমূলক কামৰ বাবেও কেবিনেটত লোৱা বহু কেইটা সিদ্ধান্ত
সদৰি কৰি কয়,তিনিচুকীয়াৰ বাইপাছত নতুন বাছ আৰু ট্রাক ষ্টেণ্ড,তিনিচুকীয়া ষ্টেডিয়ামখনৰ বাবে ৫০ কোটি টকা ধাৰ্য,চহৰ খনত অত্যাধুনিক গাড়ী পাকিঙৰ লগতে ন-পুখুৰী পাৰ্কৰ উন্নয়নৰ বাবেও ১০ কোটি ধাৰ্য কৰাৰ উপৰিও ডুমডুমা আৰু চাবুৱা, সবাংগীন উন্নয়নৰ বাবেও সুকীয়া পুঁজি ধাৰ্য কৰে কেবিনেটে ।

আনহাতে কয়লা নগৰ মাৰ্ঘিৰেটাৰ পৰা নামপুকলৈ পথ নিৰ্মাণ,ডিগবৈত অত্যাধুনিক ইণ্ডোৰ ষ্টেডিয়াম , শদিয়াত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সু-বিশাল প্রতিমূৰ্তি স্থাপনৰো সিদ্ধান্ত লয় কেবিনেটে ৷

মুখ্যমন্ত্ৰীয়ে সংবাদমেলত তিনিচুকীয়াৰ ঐতিহাসিক বুঢ়াবুঢ়ী থানৰ বাবে ৫ কোটি অনুদানৰ কথাও ঘোষণা কৰে ৷ আনহাতে তিনিচুকীয়া দৰে অহাবৰ্ষৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰীত একাদিক্ৰমে লখিমপুৰ,নলবাৰীত কেবিনেট বৈঠক অনুষ্ঠিত হ’ব বুলি সংবাদমেলত মুখ্যমন্ত্ৰী গৰাকীয়ে সদৰি কৰে ৷ সংবাদমেলত জ্যেষ্ঠ মন্ত্ৰী ৰনজিৎ কুমাৰ দাস,চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত আছিল ৷

স্মতৰ্ৱ্য যে,কেবিনেট বৈঠকত মন্ত্ৰী ৰনজিৎ কুমাৰ দাস,চন্দ্ৰমোহন পাটোৱাৰী,জয়ন্ত মল্লবৰুৱা, অজন্তা নেওঁগ সহ আটাইকেইগৰাকী মন্ত্ৰী সহ মুখ্যসচিব পৱন কুমাৰ বৰঠাকুৰ উপস্থিত থাকে ৷

Exit mobile version