AEC :জালুকবাৰীত সংঘটিত পথ দুৰ্ঘটনাত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সাত শিক্ষার্থীৰ মৃত্যু সন্দৰ্ভত ন্যায়িক আয়োগৰ প্ৰতিবেদন দাখিল

কলেজ কৰ্তৃপক্ষৰ গাফিলতিৰ কথা উল্লেখ প্ৰতিবেদনত

jalukbari accident

AEC :

মহানগৰীৰ জালুকবাৰীত ১৯ মে’ত সংঘটিত হোৱা এক শোকাৱহ পথ দুর্ঘটনাত অসম অভিযান্তিক মহাবিদ্যালয়ৰ সাতজনকৈ ছাত্ৰৰ মৃত্যু হৈছিল ৷

এই শোকাৱহ দুৰ্ঘটনাৰ পাছতে ৰাজ্য চৰকাৰে গঠন কৰা ন্যায়িক আয়োগে ইতিমধ্যে দাখিল কৰিছে তদন্তৰ প্ৰতিবেদন ৷ আয়োগে সকলো বিষয় তন্যতন্যকৈ চাই দাখিল কৰা প্ৰতিবেদনত উন্মোচিত হৈছে কেতবোৰ দিশ ৷ কলেজ কৰ্তৃপক্ষৰ চৰম গাফিলতিৰ কথা স্পষ্টৰূপত উল্লেখ আছে প্ৰতিবেদনত ৷

প্ৰাপ্ত খবৰ অনুসৰি, মহাবিদ্যালয়খনৰ ছাত্ৰাবাসত প্ৰায়ে মুকলিকৈ সুৰাপান চলিছিল৷কিন্ত এই সুৰাপানৰ ক্ষেত্ৰত অধ্যক্ষ তথা হোষ্টেলৰ অধীক্ষকে আওকণীয়া কৰিছিল ৷সময়োচিত পদক্ষেপ লোৱা নাছিল ৷

আনহাতে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছত ঘটনাস্থলীত কলেজৰ অধ্যক্ষ আৰু হোষ্টেলৰ অধীক্ষক কোনো এজনেই উপস্থিত নোহোৱাৰ কথা তদন্তৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে ৷

একেদৰে সংশ্লিষ্ট ছাত্ৰ কেইজনে হোষ্টেলত সুৰাপান কৰি মাজনিশা কেনেকৈ চৌহদৰ পৰা বাহিৰলৈ ওলাব পালে এই কথাও উল্লেখ আছে প্ৰতিবেদনত ৷ একপ্ৰকাৰ কলেজ খনত চৰম অৰাজকতা চলি আছিল ৷

উল্লেখ্য যে, ন্যায়াধীশ ৰূমী কুমাৰী ফুকনৰ নেতৃত্বত গঠন কৰা ন্যায়িক আয়োগে এমাহ পূর্বেই প্ৰতিবেদন দাখিল কৰিছিল কিন্ত এই পৰ্যন্ত ৰাজ্য চৰকাৰ বা কলেজ কৰ্তৃপক্ষই গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা।

Exit mobile version