ED Officer Arrested In Tamilnadu:তামিলনাডুত ইডিৰ বিষয়াক গ্ৰেপ্তাৰক লৈ চাঞ্চল্য

উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল ই ডি বিষয়া, ২০ লাখ টকাৰ ঘোচ লওতেই আটক কৰে আৰক্ষীৰ তদাৰকী শাখাই

ed officer arrested

ED Officer Arrested In Tamilnadu:

উৎকোচ লৈ আৰক্ষীৰ তদাৰকী শাখাৰ জালত ইডিৰ বিষয়া ৷ ইডিৰ বিষয়াৰ গ্ৰেপ্তাৰক লৈ চাঞ্চল্য তামিলনাডুত

অংকিত তিৱাৰী নামৰ ইডিৰ বিষয়াজনক ২০ লাখ টকাৰ ঘোচ লওতেই হাতে-লোটে আটক কৰে আৰক্ষীৰ তদাৰকী শাখাই ৷

উল্লেখ্য যে,ইডিৰ বিষয়াজনে দিণ্ডিগুলৰ এজন চিকিৎসকৰ পৰা গোচৰ এটা ৰফাদফা কৰাৰ বিনিময়ত ২০ লাখ টকা দাবী কৰিছিল ৷ ইডিৰ বিষয়াজনে দাবী কৰা ধনৰ বিষয়ে চিকিৎসকে অৱগত কৰে তামিলনাডু আৰক্ষীৰ ভিজিলেঞ্চক ৷

পাছত চেন্নাইস্থিত ইডিৰ কাৰ্যালয়ত বিষয়াজনে চিকিৎসকৰ পৰা দাবী কৰা উল্লিখিত ধন লওঁতেই পূৰ্বৰে পৰা অসামৰিক পোছাকত খাপ পিটি থকা ইডি বিষয়াজনক হাতে- লোটে আটক কৰে ৷

আনহাতে ইডিৰ জ্যেষ্ঠ বিষয়াজনক গ্ৰেপ্তাৰক লৈ নতুন দিল্লীস্থ ইডিৰ হেডকোৱাৰ্টাৰত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷

উল্লেখ্য যে,শেহতীয়াকৈ ইডিয়ে দেশৰ বচাবচা ৰাজনৈতিক নেতাৰ বিৰুদ্ধে অভিযান চলাই ইতিমধ্যে কে’বাজনকো নিক্ষেপ কৰিছিল ৰঙাঘৰলৈ ৷ যাক লৈ বিৰোধী দল সমূহৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ বিৰোধীৰ অভিযোগ, বিজেপিয়ে ৰাজনৈতিক প্ৰভাৱ খতাই ইডিৰ জৰিয়তে বিৰোধীৰ নেতাক বশ কৰিবলৈ চেষ্টা কৰিছে ৷

Exit mobile version