Mohit Hojai Joins BJP:
কাৰামুক্ত হৈ পুনৰ ৰাজনৈতিক ক্ষেত্ৰত ভৰি দিলে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত্বশাসিত পৰিষদৰ প্ৰাক্তন চিইএম মোহিত হোজায়ে ৷
আজি অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ উপস্থিতিত ডিমা হাচাওৰ দৈয়াংমুখত অনুষ্ঠিত এক বৃহৎ যোগদান সমাৰোহত গেৰুৱা বসন পিন্ধিলে হোজায়ে ৷ বহু সংখ্যক সমৰ্থক সহ আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপিত ৷
এই উপলক্ষে আয়োজিত সভাত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত্বশাসিত পৰিষদৰ প্ৰাক্তন চিইএম দেৱলাল গাৰ্লোচা,ডিফুৰ সাংসদ হৰেন সিং বে সহ বহু কেইগৰাকী বিজেপি নেতা উপস্থিত আছিল ৷
উল্লেখ্য যে, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ৰূপে কাৰ্যনিৰ্বাহ কৰি থকাৰ কালত উগ্ৰপন্থী ধন দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হ’বলগীয়া হৈছিল মোহিত হোজাই ৷
সুদীৰ্ঘ ১৪ বছৰ এন আই জিন্মাত কাৰাৰুদ্ধ হৈ থকাৰ পাছত যোৱা ১৮ অক্টোবৰত মুকলি আকাশৰ তললৈ আহে হোজাই ৷