APSC SCAM:এপিএছচি নিযুক্তি কেলেংকাৰী: পুনৰ তিনি ৰাজপত্ৰিত বিষয়ালৈ তলৱ এছআইটিৰ

apsc

APSC SCAM:

বক্ৰপথেৰে চাকৰি লোৱাৰ অভিযোগত পুনৰ তিনি ৰাজপত্ৰিত বিষয়াক তলৱ কৰে চি আই ডিৰ এছ আইটিয়ে ৷

অসম আৰক্ষী সেৱাৰ বিষয়া ফাৰুক আহমেদ , দিপাংকৰ দত্ত লহকৰ আৰু অসীমা কলিতালৈ জাৰি কৰা জাননীত সাত ডিচেম্বৰৰ ভিতৰত তিনিওকে এছ আই টিৰ সন্মুখত হাজিৰ হ’ব লাগিব ৷

উল্লেখ্য যে,দিপাংকৰ দত্ত লহকৰ আৰু ফাৰুক আহমেদ ইতিমধ্যেই ৰাজ্য চৰকাৰে নিলম্বিত কৰিছিল ৷

অৱশ্যে এতিয়ালৈকে নিলম্বন হোৱা নাই অসীমা কলিতা। অসীমা হৈছে নলবাৰীৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক মদন কলিতাৰ জীয়ৰী ৷

এপিএছচি কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা ৰাজপত্ৰিত বিষয়াৰ সংখ্যা বৃদ্ধি পালে চাৰিজনলৈ ৷ সোমবাৰে গুৱাহাটীৰ এডিচিপি সুকন্যা দাসক গ্ৰেপ্তাৰ কৰি বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰা হয়, আদালতে এছ আই টিক পাঁচদিনৰ জিন্মাত দিছিল ৷ সোমবাৰে নিশা এছ আই টিৰ জ্যেষ্ঠ বিষয়াই মাৰাথন জেৰা চলাই আটকাধীন সুকন্যা দাসক ৷

আনহাতে সোমবাৰে এছ আই টিয়ে তলৱ কৰা দুই ৰাজপথিত বিষয়া কল্যাণ কুমাৰ দাস আৰু নৱনীতা শৰ্মা চিআইডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ পাছত জেৰা চলোৱা হয় ৷

প্ৰাপ্ত খবৰ অনুসৰি আজি গ্ৰেপ্তাৰ কৰিব পাৰে দুয়োজন ৰাজপত্ৰিত বিষয়াক ৷
উল্লেখ্য যে,ইতিমধ্যে নিলম্বন হৈছে কল্যাণ কুমাৰ দাস ৷ অৱশ্যে নিলম্বন কৰা হোৱা নাই নৱনীতা শৰ্মাক ৷

Exit mobile version