Cyclone Michaung:দাক্ষিণাত্যৰ পূব উপকূলত ঘূৰ্ণী বতাহ ‘মিগজৌম

চেন্নাইত বাতিল হৈছে ৰে'ল সেৱা, বন্ধ সকলো শিক্ষানুষ্ঠান, বানৰ কবলত বিমান বন্দৰ,বাতিল বিমা সেৱা

cyclne 1

Cyclone Michaung:

দাক্ষিণাত্যৰ ৰাজ্য কেই খনত ভয়ংকৰ সাগৰীয় ঘূৰ্ণী মিগজৌমে লৈছে সংহাৰী ৰূপ ৷ পূব উপকূলীয় ঘূৰ্ণী বতাহ‘মিগজৌমৰ কবলত পৰি তামিলনাডুৰ ৰাজধানী চেন্নাইত আজি পৰ্যন্ত মৃত্যু হৈছে আঠজনকৈ লোকৰ।

মুষলধাৰ বৰষুণৰ সমান্তৰালভাৱে সাগৰীয় ঘূৰ্ণীৰ কবলত পৰা চেন্নাইৰ বাট-পথ, অধিকাংশ আবাস গৃহ- ব্যৱসায়ী প্ৰতিষ্ঠান সকলো জলমগ্ন হৈ পৰিছে । ইতিমধ্যে উদ্ধাৰকাৰী দলে ক্ষতিগ্ৰস্ত অঞ্চলৰ প্ৰায় তিনিশ লোকক সুকলমে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে।

চেন্নাই আন্ত:ৰাষ্ট্ৰীয় বিমানকোঠত একাঠু পৰ্যন্ত জলমগ্ন হোৱাত ১৬ খন বিমান বাতিল কৰা হৈছে ৷ বাতিল কৰা হৈছে ৰে’ল সেৱা ৷ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা চৰকাৰৰ ৷তামিলনাডু চৰকাৰে ইতিমধ্যে বানৰ কবলত পৰা লোকসকলৰ বাবে তিনিশটা আশ্ৰয় শিৱিৰ মুকলি কৰিছে ৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সাগৰীয় ঘূৰ্ণী বতাহৰ কবলত পৰা তামিলনাডুৰ সামগ্ৰিক পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ষ্টেলীনৰ স’তে টেলিফোনিক বাৰ্তালাপ কৰি সকলো প্ৰয়োজনীয় সহযোগিতাৰ আশ্বাস দিয়ে।

আনহাতে ,ক্ৰমাৎ শক্তি বৃদ্ধি পোৱা ঘূৰ্ণীবতাহ মিগজৌম দ্ৰুতগতিত দাক্ষিণাত্যৰ উত্তৰ দিশে আগুৱাইছে । বতৰ বিজ্ঞান কেন্দ্ৰই সন্দেহ কৰা মতে আজি দিনটোৰ ভিতৰতে অন্ধ্ৰ প্ৰদেশৰ দক্ষিণ উপকূলৱৰ্তী অঞ্চলত আঘাত হানিব পাৰে ৷

ৰাজ্য খনৰ নেল্লোৰ আৰু মছলিপত্তনমৰ মাজেৰে বাপাটলা উপকূলত এই ঘূৰ্ণীবতাহে খুন্দা মাৰিব স্থলভাগত। সেই সময়ত এই শক্তিশালী ঘূৰ্ণীবতাহৰ গতিবেগ ঘণ্টাত ৯০ৰ পৰা ১১০ কিলোমিটাৰ হ’ব।

আনহাতে আজি পশ্চিমবংগৰ দক্ষিণ প্ৰান্তৰ বংগোপসাগৰৰ উপকূলৱৰ্তী অঞ্চলৰ লগতে ওড়িশা সাগৰীয় উপকুলীয় জিলাসমূহত ঘূৰ্ণীবতাহে খুন্দা মাৰিব পৰাৰ আশংকা কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। এই দুয়োটা অঞ্চলত আজিৰ পৰা বৃহস্পতিবাৰলৈকে ধাৰাষাৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে ৷

একেদৰে বংগ আৰু ওড়িশাৰ উপকূলৱৰ্তী অঞ্চলত নেৰানেপেৰা বৰষুণৰ লগতে প্ৰচণ্ড ধুমুহাও হ’ব পৰাৰ আশংকা কৰি উপকূলৰ মৎস্যজীৱীসকলক সাগৰত মাছ মৰাত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে ৷ আনহাতে পুডুচেৰী উপকূলতো মৎস্যজীৱীসকলক সমুদ্ৰলৈ যোৱাত বাধাৰোপ কৰা হৈছে ৷

ঘূৰ্ণীবতাহৰ প্ৰভাৱত ধাৰাষাৰ বৰষুণ আগন্তুক চাৰিদিনলৈ অব্যাহত থাকিব অন্ধ্ৰ প্ৰদেশ, কেৰালা, তামিলনাডু, কৰ্ণাটক, পুডুচেৰীৰ অধিকাংশ অঞ্চলত ।

Exit mobile version