Surar Pansai Silpi Samaj:সুৰৰ পানচৈ শিল্পী সমাজৰ উদ্যোগত বিশিষ্টা অধিবক্তা আভা বৰাৰ ‘অনুবাদত অনুপম সাহিত্য’ উন্মোচন

suraoi

Surar Pansai Silpi Samaj:

নগাঁওৰ “সুৰৰ পানচৈ শিল্পী সমাজ”ৰ ব্যৱস্থাপনাত ৪ ডিচেম্বৰত অধিবক্তা তথা বিশিষ্ট লেখিকা আভা বৰাৰ “অনুবাদত অনুপম সাহিত্য” গ্ৰন্থখনি উন্মোচন কৰে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড: কুলেন চন্দ্ৰ দাসে।

কলংপাৰত অৱস্থিত “আনন্দ ভৱন” প্ৰেক্ষাগৃহত “সুৰৰ পানচৈ শিল্পী সমাজ”ৰ কাৰ্যকৰী সভাপতি আতিকুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাখনত লেখিকা আভা বৰাৰ “অনুবাদত অনুপম সাহিত্য”শীৰ্ষক গ্ৰন্থৰ ওপৰত বিশিষ্ট অতিথিৰ ভাষন আগবঢ়াই নগাঁও লেখিকা সমাৰোহ সমিতি”ৰ সভানেত্ৰী দীপা বৰুৱাই আৰু গ্ৰন্থ উন্মোচক ড: কুলেন চন্দ্ৰ দাসে।

ইয়াৰ পাছতেই অৰ্ধ শতাধিক কবি,শিল্পী,সাহিত্যিকৰ উপস্থিতিত গ্ৰন্থ উন্মোচনী সভাত সভাপতিত্ব কৰা আতিকুৰ ৰহমান,গ্ৰন্থ অনুবাদক লেখিকা আভা বৰা, শিক্ষবিদ- সাহিত্যক ভৰত চন্দ্ৰ নাথ,কণ্ঠশিল্পী ক্ৰমে প্ৰণতি বৰা আৰু মামনি শৰ্মা ভট্টাচাৰ্য্যকে প্ৰমুখ্য কৰি বহু কেইগৰাকী শিল্পীয়ে সমান্তৰালভাৱে কথা-সুৰ, শব্দ- কণ্ঠৰ ধ্বনিৰ সংমিশ্ৰণেৰে উপস্থিত শ্ৰুোত-দৰ্শকৰ মন সন্মোহিত সু-ব্যৱস্থাৰে গ্ৰন্থ উন্মোচনী সভাখনিৰ আলোক সঞ্চাৰিত কৰাটোও আছিল অপুৰ্ব ।

Exit mobile version