APSC SCAM:জালিয়াতিৰে এপিএচ পদ লাভ কৰাৰ অভিযোগত চি আই ডি কাৰ্যালয়ত উপস্থিত ফাৰুক আহমেদ আৰু অসীমা কলিতা

apsc scam 1

APSC SCAM:

বক্ৰপথেৰে এপিএচ পদ লাভ কৰা ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ স্থিতি লোৱাৰ পাছতে চি আই ডিৰ বিশেষ তদন্তকাৰী গোটে তীব্ৰ অভিযান চলাই ইতিমধ্যে লাভ কৰা তথ্যৰ ভিত্তিত এজনকৈ এজনকৈ তলৱ কৰিছে বহু কেইজন ৰাজপত্ৰিত বিষয়াক ৷

প্ৰতিদিনে চিআইডি কাৰ্যালয়ত উপস্থিত হোৱা ৰাজপত্ৰিত বিষয়াক মাৰাথন জেৰা অব্যাহত ৰাখিছে এছ আই টিয়ে। বৃহস্পতিবাৰে এছ আই টিয়ে তলৱ কৰা অনুসৰি এপিএছ বিষয়াদ্বয় ফাৰুক আহমেদ আৰু অসীমা কলিতা হাজিৰ হয় চিআই ডিৰ কাৰ্যালয়ত ৷

প্ৰাপ্ত খবৰ অনুসৰি ফাৰুক আহমেদ আৰু অসীমা কলিতাই পৰীক্ষাৰ নম্বৰ বৃদ্ধি কৰি বক্ৰপথৰে লাভ কৰিছিল এপিএছ চাকৰি ৷ নলবাৰীৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক প্ৰয়াত মদন কলিতাৰ জীয়ৰী অসীমা কলিতাই এপিএছ চি পৰীক্ষাত ঐচ্ছিক বিষয়ত ৩৬ নম্বৰৰ প্ৰয়োজন হৈছিল।

কিন্ত তেওঁৰ শিক্ষাতত্বৰ উত্তৰ বহীত ৯৮ নম্বৰ লাভ কৰিছিল৷যাৰ ফলত বৃদ্ধি কৰি ১৩৪ নম্বৰ দিয়া হৈছিল। একেদৰে ফাৰুক আহমেদৰ উত্তৰ বহীত বঢ়াই দিয়া হৈছিল ৭৬ নম্বৰ ৷তেওঁ এপিএছচি পৰীক্ষাত মুঠ নম্বৰ পাইছিল ৬৯০ নম্বৰ ৷ কিন্ত পিছদুৱাৰেদি এই নম্বৰ বৃদ্ধি কৰি দিয়া হয়গৈ ৭৮৬ নম্বৰ ৷

উল্লেখ্য যে,পাল সেনা বাহিনীৰ বিয়াগোম জালিয়তি তদন্ত কৰি পোহৰলৈ আনিছিল অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে ৷ আয়োগে ৰাজ্য চৰকাৰৰ হাতত তুলি দিয়া দস্তাবেজত ৩৪ জন ৰাজপত্ৰিত বিষয়াই বক্ৰপথৰে চাকৰি লাভৰ সকলো তথ্য সন্নিৱিষ্ট কৰিছিল ৷

Exit mobile version