Kachugaon:কচুগাওঁৰ এখন আজৱ চৰকাৰী বিদ্যালয়

শিক্ষক গৌতম কুমাৰ দত্ত ৯ বজাত আহে ১০ বজাত গুচি যায়, কোনোধৰণৰ কানসাৰ নাই বিভাগীয় কতৃপক্ষৰ, অংগনবাদী কৰ্মীয়ে চলাই আহিছে শ্ৰেণী কাৰ্য

kachugaon school

Kachugaon:

কোকৰাঝাৰ জিলাৰ গোসাঁইগাওঁ মহকুমাৰ এখন প্ৰাথমিক বিদ্যালয়। বিদ্যালয়খন দেখিলে আপোনাৰ চকু উঠিব কপালত। শিক্ষক আছে কিন্তু নকৰে শ্ৰেণী কাৰ্য। গাঁৱৰ এগৰাকী অংগনবাদী কৰ্মীয়ে চলায় স্কুলখন।

স্কুলখন হৈছে কচুগাওঁ শিক্ষা খণ্ডৰ ১০২২ নম্বৰ শালজুৰি এল পি স্কুল। উক্ত বিদ্যালয়ৰ শিক্ষক গৰাকী হৈছে গৌতম কুমাৰ দত্ত । ৰাইজে অভিযোগ কৰা মতে শিক্ষক গৌতম কুমাৰ দত্তই পুৱা ৯ বজাত বিদ্যালয়ত আহি নিজৰ বহিত চহী কৰি বেলেগ কামৰ অজুহাত দেখুৱাই ১০ বজাত গুচি যায়। স্কুলৰ শ্ৰেণী কাৰ্য কৰে গাঁৱৰ অংগনবাদী কৰ্মীয়ে।

মাহৰ পিছত মাহ ধৰি এনেদৰে চলিছে স্কুলখন কিন্তু কোনোধৰণৰ কানসাৰ নাই বিভাগীয় কতৃপক্ষৰ । বিদ্যালয়ত শিক্ষক হিচাপে গৌতম কুমাৰ দত্ত আছে যদিও শ্ৰেণী কাৰ্য নকৰাৰ গুৰুতৰ অভিযোগ ৰাইজৰ।

অংগনবাদী কৰ্মীগৰাকী নাহিলে পাঠদান নকৰাকৈ স্কুল ছুটি হয় বুলি সদৰি কৰে ৰাইজে। উল্লেখ্য যে উক্ত বিদ্যালয়ত ছাত্ৰ ছাত্ৰীয়ে নাপায় মধ্যাহ্ন ভোজন। মধ্যাহ্ন ভোজনৰ চাউল পোকে খাইছে। পোকে ধৰা চাউল দেখি ক্ষুব্ধ স্থানীয় ৰাইজ।

গৌতম কুমাৰ দত্ত নামৰ শিক্ষক গৰাকীৰ বিৰুদ্ধে ৰাইজে শিক্ষা বিভাগক তদন্ত কৰিবলৈ দাবী জনাইছে। শিক্ষকজনৰ অকৰ্মন্যতাৰ বাবে উপযুক্ত শিক্ষাৰ পৰা বঞ্চিত হৈ আছে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল।

Exit mobile version