Dr. Mohan Yadav New Chief Minister Of Madhya Pradesh:মধ্যপ্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী ড:মোহন যাদৱ

শিৱৰাজ সিঙ চৰকাৰৰ শিক্ষামন্ত্ৰী আছিল ড:যাদৱ

mohan yadav

Dr. Mohan Yadav New Chief Minister Of Madhya Pradesh:

মুখ্যমন্ত্ৰীৰ পদ অটুট ৰাখিৱ নোৱাৰিলে শিৱৰাজ সিং চৌহানে ৷ সকলো জল্পনাকল্পনা অন্ত পেলাই অৱশেষত মধ্য প্ৰদেশৰ নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষনা হ’ল সোমবাৰে বিয়লি ৷

ভূপালত বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষকৰ উপস্থিতিত অনুষ্ঠিত হোৱা বিজেপি বিধায়নী দলৰ বৈঠকত মধ্যপ্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ড:মোহন যাদৱ নাম প্ৰস্তাৱ কৰে বিদায়ী মুখ্যমন্ত্ৰী শিৱৰাজ সিঙ চৌহানে আৰু সকলো বিধায়কে সমৰ্থন কৰে ৷

ড:মোহন যাদৱ শিৱৰাজ সিঙ চৌহান চৰকাৰৰ শিক্ষামন্ত্ৰী আছিল ৷ এইবাৰৰ সৈতে তিনিবাৰকৈ বিধানসভালৈ নিৰ্বাচিত হৈছিল ৷ এইবাৰ পুনৰ দক্ষিণ উজ্জয়িণী পৰা জয়ী হৈছিল ড: যাদৱ ৷

আনহাতে মধ্য প্ৰদেশত দুজনকৈ উপ- মুখ্যমন্ত্ৰী নিযুক্তি দিয়া হয় ৷ ৰাজিন্দ্ৰ শুক্লা আৰু জগদীশ নেওৰা ৰাজ্য খনৰ নতুন উপ- মুখ্যমন্ত্ৰী হ’ব ৷

Exit mobile version