Kaziranga Incident:কাজিৰঙাত বনৰীয়া ম’হৰ আক্ৰমণত নিহত মহিলা

kaziranga

Kaziranga Incident:

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আগৰাতলী বনাঞ্চলত বৃহস্পতিবাৰে পুৱাই সংঘটিত হৈছে এক শোকাবহ ঘটনা। বনৰীয়া ম’হৰ আক্ৰমণত থিতাতে নিহত হয় এগৰাকী মহিলা।

প্ৰাপ্ত খবৰ অনুসৰি, আগৰাতলী বনাঞ্চলৰ পাশ্বৱৰ্তী বেলগুৰি গাঁৱত এগৰাকী ৪৫ বৰ্ষীয় মহিলাই পুৱাতে পথাৰত ধান দাই থকা অৱস্থাতে বনৰীয়া ম’হে আক্ৰমণ কৰাৰ ফলত গুৰুতৰভাৱে আহত হয় ৷পাছত চিকিৎসাৰ বাবে নিয়া হয় যদিও আদবাটতে শেষ নিশ্বাস ত্যাগ কৰে দুৰ্ভগীয়া মহিলা গৰাকীয়ে ৷

মৃত মহিলাগৰাকী বেলগুৰি গাঁৱৰে দীপা মুণ্ডা ৷ পুৱাতে সংঘটিত হোৱা শোকাৱহ ঘটনাই সকলো গাওঁবাসীকে শোকত মিয়ম্ৰাণ কৰি তুলিছে ৷

আনহাতে ঘটনাৰ খবৰ লাভ কৰাৰ পাছতো ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত নোহোৱাত ক্ষোভিত হৈ পৰে স্থানীয় গঞা ৷ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ঘটনাস্থলীত উপস্থিত ৰাইজে ৷

Exit mobile version