Kaziranga Visit DGP G p Singh: য’তে-ত’তে বোমা ফুটাই জনসাধাৰণক কষ্ট নিদিব

মোৰ ঘৰ কাহিলিপাৰাত, কাৰ্যালয় উলুবাৰীত, ৰাইজক কষ্ট দিয়াতকৈ মোৰ ঘৰলৈ আহিলেই হ'ল, আলফা (স্বাঃ)ক তিৰ্যক মন্তব্য ডিজিপি জি পি সিঙৰ

dgp singh

Kaziranga Visit DGP G p Singh:

য’তে-ত’তে বোমা ফুটাই জনসাধাৰণক কষ্ট নিদিব৷ জনতাক কষ্ট দিয়াতকৈ মোৰ ওচৰলৈ আহক৷ মোৰ ঘৰ কাহিলিপাৰাত ,অফিচ উলুবাৰীত ৷ এইদৰে আলফা স্বাধীনক উদ্দেশ্যি তিৰ্যক মন্তব্য কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান প্ৰধান জি পি সিঙৰ

উল্লেখ্য যে,অসম আৰক্ষীৰ মুৰব্বী গৰাকীয়ে এদিনীয়া ভ্ৰমণসূচীৰে ৰাষ্ট্ৰীয় উদ্যানলৈ আহে বৃহস্পতিবাৰে ৷ কাজিৰঙাত উপস্থিত হৈ পৰিয়ালৰ স’তে উদ্যান নৈসৰ্গিক দৃশ্য উপভোগ কৰে ৷ইয়াৰ পাছতে উদ্যান কতৃৰ্পক্ষৰে এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হোৱাৰ পাছ ডি জি পি সিঙে সাংবাদিকৰে হোৱা এক বাৰ্তালাপত উল্লেখ কৰে যে, কাজিৰঙাত চোৰাং চিকাৰীক প্ৰতিহত কৰিবৰ বাবে এতিয়াৰ পৰা আৰক্ষী – বন বিভাগে যৌথ অভিযান চলাব ৷

আনহাতে কাজিৰঙা অভয়াৰণ্যত গড় হত্যাৰোধ একেবাৰে নাইকিয়া কৰিবৰ বাবে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷

শেহতীয়াকৈ আলফাৰ কুটাঘাতমূলক কাৰ্য অব্যাহত থকা সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নোত্তৰত ডিজিপি গৰাকীয়ে উল্লেখ কৰে যে যিসকলে নিজৰ মাতৃভূমিক ভাল পাও বুলি কৈ আকৌ সেই মাতৃগৰাকীৰ ওপৰত আঘাত হানে ৷ তেওঁলোক কেনেকুৱা সুযোগ্য সন্তান ৷ শিৱসাগৰ,যোৰহাটত যি কুটাঘাতমূলক কাৰ্য যোৱা কেইদিনত সংঘটিত হৈছে,এই সকলোবোৰ আৰক্ষী আৰু এন আইৰ জৰিয়তে তদন্ত কৰা হ’ব  ৷

ইপিনে , দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰকৰ অভিযান ধাৰাবাহিকভাৱে অব্যাহত থাকিব ৷ এপিএছচিৰ বক্ৰপথৰে চাকৰি লোৱা কোনো এজন ৰাজপত্ৰিত বিষয়াক ৰেহাই দিয়া নহ’ব বুলি মন্তব্য কৰে ডিজিপি গৰাকীয়ে ৷

Exit mobile version