APSC Cash For Job Scam: চমনৰ লাভ কৰি চিআইডিৰ কার্যালয়ত হাজিৰ ৰুমিৰ তিমুংপি

এছ আই টিৰ মাৰাথন জেৰা, গ্ৰেপ্তাৰ হ'ব পাৰে নিলম্বিত এপিএছ ৰুমিৰ তিমুংপি

rumir

APSC Cash For Job Scam:

বহুচৰ্চিত এপিএছচিত সংঘটিত বিয়াগোম নিযুক্তি কেলেংকাৰীত ইতিমধ্যে বক্ৰপথৰে চাকৰি লোৱা ৰাজপত্ৰিতা বিষয়া ইজনৰ পাছত সিজনকৈ জেৰাৰ সন্মুখীন এছ আই টিৰ৷ শেহতীয়াকৈ এছ আই টিৰ চমন লাভ কৰাৰ পাছত নিলম্বিত এপি এছ বিষয়া ৰুমিৰ তিমুংপী সোমবাৰে পুৱাভাগত হাজিৰ হয় মহানগৰীৰ উলুবাৰীস্থ চি আই ডিৰ হেডকোৱাৰ্টাৰত ৷

ৰাকেল পালৰ দিনত উৎকোচ দি চাকৰি লাভ কৰা ৰুমিৰ তিমুংপীৰ এপিএছ চি পৰীক্ষাত সকলো কাকততে নম্বৰ বৃদ্ধিৰ কৰিছিল ৷ ৰাকেশ পালে প্ৰতিটো বিষয়ত ৫০ ৰ পৰা ১০০ নম্বৰ বৃদ্ধি কৰি দিছিল। তিমুংপীক মুঠ ২০০ নম্বৰ বৃদ্ধি কৰি দিছিল ৰাকেশ পালে।

মনকৰিবলগীয়া যে,অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা নেতৃত্বাধীন ন্যায়িক আয়োগৰ প্ৰতিবেদনত বক্ৰপথৰে লাভ কৰা ৩৪ জন ৰাজপত্ৰিত বিষয়াৰ তালিকাত অন্তভূক্ত আছিল ৰুমিৰ তিমুংপীৰ নাম ৷

ৰাজ্য চৰকাৰৰ হাতত প্ৰতিবেদন দিয়াৰ পাছতো ৰুমিৰ তিমুংপীৰ বিৰুদ্ধে প্ৰাৰম্ভিক পদক্ষেপত কোনো ব্যৱস্থা নলৈ বৰংনেচনেল ইনভেষ্টিগেচন এজেন্সীলৈ ডেপুটেচনত প্ৰেৰণ কৰা হৈছিল

যাক লৈ পৰৱৰ্তী সময়ত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ অৱশ্যে শেহতীয়াকৈ এছ আই টিয়ে চমন জাৰি কৰিছিল ৰুমিৰ তিমুংপীলৈ ৷ ইতিপূৰ্বে তিমুংপীক ৰাজ্য চৰকাৰে বক্ৰপথৰে চাকৰি লাভ কৰাৰ অভিযোগত চাকৰিৰ পৰা নিলম্বন কৰে ৷

সোমবাৰে চমন অনুসৰি চি আই ডি কাৰ্যালয়ত উপস্থিত হোৱা ৰুমিৰ তিমুংপীক এছ আই টিৰ কে’বাটাও দলে সুকীয়া সুকীয়াকৈ সোধপোছ অব্যাহত ৰাখে ৷

জানিব পৰা মতে,এছ আই টিৰ মাৰাথন জেৰা সন্মুখীন হোৱা ৰুমিৰ তিমুংপীক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷

Exit mobile version