Dakhin Janakpur Nagarik Samiti:দক্ষিণ জনকপুৰ নাগৰিক সমিতিৰ উদ্যোগত আৰু ‘ছেভ ভৰলু’ৰ সহযোগত স্বচ্ছতা অভিযান

নাগৰিক সমিতিয়ে এইবাৰ অভিযান চলালে লখিমীজান পাৰত,জাবৰ বোটলো আহক' কার্যসূচী ৰূপায়ণ

janakpur

Dakhin Janakpur Nagarik Samiti:

দক্ষিণ জনকপুৰ নাগৰিক সমিতিয়ে ‘ছেভ ভৰলুৰ সহযোগত দেওবাৰে পুৱা ৬.৩০ বজাত দক্ষিণ জনকপুৰৰ পূব সীমাৰে বৈ যোৱা লখিমীজানৰ পাৰত ‘জাবৰ বোটলো আহক’ কার্যসূচী ৰূপায়ণ কৰে। স্থানীয় নাগৰিকক স্বচ্ছতাৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ এই সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হয়।

ADVERTISEMENT

দক্ষিণ জনকপুৰ নাগৰিক সমিতিৰ সভাপতি তথা ছেভ ভৰলুৰো সভাপতি ডাঃ ৰবীন মজুমদাৰে দক্ষিণ জনকপুৰ নাগৰিক সমিতিৰ সাধাৰণ সম্পাদক বিপুল শৰ্মা পণ্ডিত আৰু ছেভ ভৰলুৰ সাধাৰণ সম্পাদক সত্যৰঞ্জন বৰুৱাৰ সহযোগত এই জাবৰ বোটলা কাৰ্যসূচীৰ নেতৃত্ব দিয়ে।

পুৱা জানৰ পাৰৰ ৰোহিত শর্মা পথত চাফাই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই ক্ষেত্ৰত দক্ষিণ জনকপুৰ নাগৰিক সমিতিৰ সাধাৰণ সম্পাদক বিপুল শৰ্মা পণ্ডিতে কয়- বাৰিষা কালত হোৱা বৰষুণৰ ফলত নৰকাসুৰ পাহাৰৰ পৰা বাগৰি অহা পানী জনকপুৰ হৈ লক্ষিমী জানত পৰে।

তেনেস্থলত লক্ষিমী নগৰ আৰু জনকপুৰ অঞ্চলৰ সমস্ত পানী এই জানটোৱেই বহন কৰিবলগীয়া হয়। কিন্তু অতি পৰিমাপৰ বিষয় যে স্থানীয় বাসিন্দা সকলৰ একাংশৰ হঠকাৰী কাৰ্যৰ বাবে এই জানটোত ঠায়ে ঠায়ে অতিক্ৰমণৰ বাবে জানৰ পৰিসৰ ঠেক হৈ পৰিছে ৷

জাৱৰ-জোঠৰ পেলাই বোৱতী জল ধাৰাক বাধা প্ৰদান কৰাৰ বাবে ইয়াৰ বহন ক্ষমতা ক্ৰমে হ্ৰাস কৰি আনিছে। তাৰোপৰি জানটো চাফা কৰাৰ বাবে গুৱাহাটী পৌৰ নিগমে এখন বিকল Excavator বিগত চাৰিমাহ ধৰি পেলাই থৈছে । তাৰোপৰি জানটোৰ পাৰত বনোৱা পকী দেৱাল আৰু ৰেলিং বিলাকো ভাগি যোৱাৰ ফলত বিভিন্ন সময়ত বহু দুৰ্ঘটনা হোৱাও পৰিলক্ষিত হৈছে।

এই ক্ষেত্ৰত দক্ষিণ জনকপুৰ আৰু লক্ষিমী নগৰৰ ৰাইজে ক্ৰমশঃ মৃত্যুৰ ফালে গতি কৰা লক্ষিমী জানটোক পুনৰ উজ্জীৱিত কৰি বিজ্ঞানসন্মত ভাবে আঁচনি গ্ৰহণ কৰি প্ৰসাশনিক দৃঢ়তাৰে কাৰ্যকৰী কৰিবলৈ চৰকাৰক দাবী জনাইছে।

দেওবাৰে পুৱা প্ৰাণকৃষ্ণ গোস্বামী, ড° অৰূপ দাস, হিমাংশু চৌধুৰী, কুমুদ দাস, পলাশ নেওগ, মামনি তালুকদাৰ, নিজৰা সন্দিকৈ, স্বপ্না দাস, ৰতন ডেকা, জনাব আলী আহমেদ, দীপক বৰা, অপূৰ্ব বৰা, ধ্ৰুৱজ্যোতি শৰ্মাৰ লগতে কেইবাগৰাকী স্থানীয় ব্যক্তিয়ে হাতে- কামে লাগি জানৰ পাৰৰ ৰাস্তাৰ দুয়োকাষ পৰিষ্কাৰ কৰি তোলে।

Exit mobile version