Agriculture Minister Atul Bora:খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় কৃষি-উদ্যান শস্য মেলাৰ কুকুৰ প্ৰদৰ্শনীত

আৰণ্যকৰ চোৰাং চিকাৰ বিৰোধী কে-নাইন স্কোৱাডৰ দুই সদস্য উচ্চ প্ৰশংসিত

atul bor 1

Agriculture Minister Atul Bora:

গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত অষ্টম কৃষি-উদ্যান শস্য মেলাৰ অংশ হিচাপে দেওবাৰে আয়োজিত কুকুৰ প্ৰদৰ্শনীত অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ শ্ৰেষ্ঠ কে-নাইন স্কোৱাডৰ দুই চোৰাং চিকাৰ বিৰোধী কুকুৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ।

আৰণ্যকৰ (www.aaranyak.org) কে-নাইন স্কোৱাডৰ চোৰাং চিকাৰ বিৰোধী কুকুৰ ক্ৰমে কে-নাইন ন’ভা আৰু কে-নাইন ৰ’জীয়ে দুই পৰিচালক জয়ন্ত কলিতা আৰু গৌৰ বৈদ্যৰ সৈতে প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছিল ।

কুকুৰৰ বিভিন্ন জাত আৰু দক্ষতাৰ প্ৰদৰ্শন, ক্ষীপ্ৰতাৰ প্ৰতিযোগিতাৰ সমাহাৰ ঘটা কুকুৰ প্ৰদৰ্শনী খন বৃহত্তৰ কাৰ্যসূচীটোৰ এক বিশেষ আকৰ্ষণ আছিল । বুনিয়াদী আনুগত্য প্ৰশিক্ষণত দক্ষতা প্ৰদৰ্শন কৰা কে-নাইন ন’ভা আৰু ট্ৰেকিং প্ৰশিক্ষণত ব্যতিক্ৰমী দক্ষতাৰে উজলি উঠা কে-নাইন ৰ’জীক দৰ্শকে ভূয়সী প্ৰশংসা কৰে ।

আৰণ্যকৰ কে-নাইন স্নিফাৰ ডগ-স্কোৱাডৰ এই দুই অসাধাৰণ সদস্যই বন্যপ্ৰাণীৰ চোৰাং চিকাৰে প্ৰত্যাহ্বানৰ সৃষ্টি কৰা অঞ্চলত সন্দেহযুক্ত লোকৰ সন্ধান উলিওৱা আৰু কৰায়ত্ব কৰাৰ লগতে গুৰুত্বপূৰ্ণ প্ৰমাণ উদ্ধাৰ কৰাত প্ৰধান ভূমিকা পালন কৰি আইন বলবৎকৰণত সহায় কৰে ।

অনুষ্ঠানত অসমৰ কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰা, অসম কৃষি বিশ্ববিদ্যালয়ৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ পশু চিকিৎসা বিজ্ঞান বিভাগৰ ডীন ড: বিবেকানন্দ শইকীয়া, অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া লখিনাথ তামুলীৰ লগতে এছ এছ বি, বি এছ এফ আৰু অসম আৰক্ষীৰ বিভিন্ন বিষয়া উপস্থিত থাকে ।

এই প্ৰদৰ্শনীত কেৱল বিভিন্ন জাতৰ কুকুৰ প্ৰদৰ্শন কৰাই নহয়, বি এছ এফ, এন ডি আৰ এফ, আৰু এছ এছ বিৰ দৰে বাহিনীসমূহে প্ৰশিক্ষণ দিয়া বিভিন্ন জাতৰ কুকুৰে সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে কৰা কাম আৰু আগবঢ়োৱা অৱদানৰ ওপৰতো আলোকপাত কৰা হয় ।

অনুষ্ঠানত উপস্থিত থকা কে-নাইনৰ দলটোৱে এছ এছ বি আৰু এন ডি আৰ এফে দেখুওৱা ডগ ইউনিটৰ উপযোগিতাৰ বিষয়ে জানিব পাৰে । এই অভিজ্ঞতাই আৰাণ্যকৰ কে-নাইন পৰিচালক সকলক উপকৃত কৰিব।

এই অনুষ্ঠানটোত এই প্ৰশংসনীয় সাৰমেয় আৰু সিঁহতৰ পৰিচালকসকলে তেওঁলোকৰ দক্ষতা, নিষ্ঠা আৰু দৃঢ়তাৰ জৰিয়তে জনসাধাৰণক সুৰক্ষা আৰু বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি আগবঢ়োৱা অতুলনীয় অৱদানক উদযাপন কৰা হয় ।

উল্লেখ্য যে কৃষি-উদ্যানশস্য সামগ্ৰীৰ চহকী বৈচিত্ৰ্য প্ৰদৰ্শনৰ লগতে অন্য দেশ আৰু ৰাজ্যৰ সৈতে কৃষি-বাণিজ্য আৰু ব্যৱসায়ৰ পথ অন্বেষণৰ অৰ্থে অসম চৰকাৰৰ উদ্যোগত ১৬ৰ পৰা ১৮ ডিচেম্বৰলৈ গুৱাহাটীত অষ্টম আন্তঃৰাষ্ট্ৰীয় কৃষি-উদ্যানশস্য মেলাখনৰ আয়োজন কৰা হৈছিল ।

Exit mobile version