Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

publisher by publisher
December 25, 2023
in India, Assam, News
Reading Time: 3 mins read
0
modi
3
SHARES
28
VIEWS
ShareShareShareShare

And What A Farce:আৰু কিমান প্রহসন !

# প্রাঞ্জলসেন ডেকা

যোৱা শুকুৰবাৰে মল্লযোদ্ধা বজৰং পুনিয়াই পদ্মশ্রী সন্মান উভতাই দিবলৈ প্রধানমন্ত্ৰীৰ কার্যালয়লৈ অগ্ৰসৰ হোৱা ঘটনা প্রত্যক্ষ কৰা বহুতৰে চকু সেমেকি উঠে। বজৰং এনে এজন সফল ভাৰতীয় ক্রীড়াবিদ যিয়ে অলিম্পিক, এছিয়ান গেমছ, কমনৱেলথ গেমছকে ধৰি বিশ্বৰ সকলো আগশাৰীৰ ক্ৰীড়া প্রতিযোগিতাত পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে।

ADVERTISEMENT

উল্লেখ্য যে ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেছনৰ অধ্যক্ষ তথা বাহুবলী বিজেপি সাংসদ ব্রীজভূষণ শৰণ সিঙৰ বিৰুদ্ধে মহিলা মল্লযুঁজাৰুসকলে যৌন নিৰ্যাতনৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি তেওঁৰ বিৰুদ্ধে শাস্তিৰ দাবীত প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে।

RelatedPosts

Ex.Union Minister Biren Sing Engti Passes Away:প্রাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী বীৰেনছিং ইংতিৰ দেহাৱসান

Maharaj PrithuFly Over:আজি আনুষ্ঠানিকভাৱে মুকলি হ’ব উত্তৰ- পূৰ্বাঞ্চলৰ দীৰ্ঘতম মহাৰাজ পৃথু উৰণসেতু

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰশাসনিক বিষয়াৰ সালসলনি

কমেও ১৯টা এনে অভিযোগ লৈ কেন্দ্রীয় চৰকাৰৰ স্থাবন্ধ হোৱাৰ পাছতো কোনো সহাৰি লাভ নকৰি মল্লযুজাৰুসকলে দিল্লীৰযস্তৰ -মন্ত্রৰত দীর্ঘদিন ধৰি অৱস্থান ধর্মঘট কৰাৰ লগতে সংসদ ভবন ঘেৰাওৰ কাৰ্যসূচীও গ্রহণ কৰিছিল।

সচৰাচৰ কৰাৰ দৰেই চৰকাৰে অলিম্পিককে ধৰি বিভিন্ন আন্তর্জাতিক ক্রীড়া প্রতিযোগিতাত পদত অর্জন কৰি দেশৰ নাম উজ্বলোৱা খেলুৱৈসকলৰ অভিযোগক গুৰুত্ব দি বীজভূষণৰ বিৰুদ্ধে ব্যবস্থা গ্রহণৰ পৰিৱর্তে প্রতিবাদকাৰীসকলৰ কার্যসূচী বল প্রয়োগেৰে ব্যর্থ কৰিবলৈহে উঠিপৰি লাগে।

লগতে কৃষক আন্দোলনক সন্ত্রাসবাদীবে জড়িত কৰাৰ দৰেই ক্রীড়াবিদসকলকো বিভিন্ন উপায়েৰে অপমানিত কৰিবলৈ কূট কৌশল ৰচনা কৰে। অবশেষত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত দিল্লী আৰক্ষীয়ে বিজেপি সাংসদজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত কৰিবলৈ বাধ্য হয়।

সেই তদন্তও মহিলা মল্লযুঁজাৰুসকলৰ ওপৰত ব্রীজভূষণে কি ধৰণে যৌন নির্যাতন চলাইছিল তাৰ বিস্তৃত তথ্য ফাদিল হয়। দুর্ভাগ্যজনক যে নির্যাতনৰ বলি হোৱাসকলৰ ভিতৰত একাধিক নাবালিকাও আছিল। তৎসত্ত্বেও ‘বেটা বচাও বেটা পড়েনও ধ্বনি দিয়া চৰকাৰে সাংসদজনৰ বিৰুদ্ধে কোনো ব্যবস্থা নল’লে, কাৰণ উত্তৰ প্রদেশৰ কে’বাটাও লোকসভা সমষ্টিত তেওঁৰ যথেষ্ট প্রভাব আছে।

গতিকে ব্রীজভূষণক অপসাৰণ অথবা গ্রেপ্তাৰৰ দৰে পদক্ষেপ গ্রহণ কৰি আসন্ন সাধাৰণ নির্বাচনত কোনো ক্ষতিৰ সন্মুখীন হ’ব নোখোজে নৰেন্দ্র মোদীৰ চৰকাৰে। সেইবাবে কেবল ফেডাৰেছনৰ সভাপতি পদৰ পৰা নিলম্বিত কৰিয়ে ‘বেটা বচাও’ৰ দায়িত্ব সামৰি থলে চৰকাৰে !

কিন্তু যোৱা সপ্তাহত সম্পন্ন হোৱা ফেডাৰেছনৰ নির্বাচনত ব্রীজভূষণৰ অতি ঘনিষ্ঠ তথা ব্যবসায়িক অংশীদাৰ সঞ্জয় সিং বিপুল ভোটত সভাপতি নির্বাচিত হয়।

তাৰ লগে লগে ব্রীজভূষণৰ পোষ্টাৰেৰে দিল্লী ভৰি পৰে, য’ত এইদৰে ভাবুকিপূর্ণ কৰি দিয়া হয়- দবদবা হে, দবদবা ৰহেগা’ (দপদপনি আছিল, দদপনি থাকিব।)। সমগ্র ফেডাৰেছনত যে এই কলংকিত নেতাৰেই দপদপনি তেওঁ তাকেই পোষ্টাৰৰ মাধ্যমেদি প্রকাশ কৰে। লগতে প্রতিবাদকাৰী ক্রীড়াবিদসকলকে সকীয়নি প্রদান কৰে।

যৌন নির্যাতনকাৰী ব্রীজভূষণই দপদপনি অব্যাহত থকাত আশাহত হৈ অলিম্পিক পদকজয়ী সাক্ষী মালিকে সেইদিনাই মল্লযুঁজ ত্যাগৰ কথা সংবাদমেলযোগে ঘোষণা কৰে। পাছদিনা বক্তবতে পূর্ব নির্ধাৰিত সাক্ষাৎ নথকা হেতুকে প্রধানমন্ত্রীক সাক্ষাতৰ সুযোগ লাভ নকৰি প্রধানমন্ত্রীৰ কার্যালয়লৈ যোৱা কর্তব্য পথৰ দাঁতিতে ক্রীড়াক্ষেত্রত সাফলা অৰ্জনৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে আগবঢ়োৱ পদ্মশ্রী সম্মানৰ পদক ত্যাগ কৰে।

লগতে মহিলা মল্লযুজাকসকলে নির্যাতন ভুগি অহাৰ পাছতো নিজৰ কন্যা-ভগ্নীসকলক সুৰক্ষা দিব নোৱাৰি সম্মুখীন হোৱা হতাশা আৰু বিবেক দংশনৰ বিষয়ে উল্লেখ কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ লিখা এখন পত্রও এৰি থৈ যায়। তেওঁ লগতে কয় যে ব্রীজভূষণে তেওঁলোকৰ দৰে মল্লযুঁজাৰুসকলৰ ওপৰতে দপদপনি অব্যাহত ৰখাৰ ভাবুকি দিছে।

গতিকে তেওঁলোকে নিজৰ খেল অব্যাহত ৰাখিব পাৰিবনে তাক লৈও বহুতে সংশয় প্রকাশ কৰে। ক্রীড়া সংগঠনসমূহ ৰাজনৈতিক নেতাৰ প্রভাৱমুক্ত হ’ব লাগে বুলি বিগত কালছোৱাত স্বয়ং প্রধানমন্ত্রী মোদীয়েই যথেষ্ট সৰব হৈ আহিছে।

অৱশ্যে তেওঁৰ এই ভাষ্যৰ অর্থ যে তাৰ সম্পূর্ণ ওলোটাহে সেয়া ইতিমধ্যে স্পষ্ট হৈছে। বিচিচিআইৰ পৰা আৰম্ভ কৰি দেশৰ প্রতিটো ক্রীড়া সংগঠনেই বিজেপি নেতাৰ কুক্ষিগত হৈছে। আন দলৰ নেতাৰ হাতৰ পৰা কাঢ়ি বিজেপি নেতাৰ হাতলৈ অনাটোহে দৰাচলতে মোদীৰ ক্রীড়া সংগঠনক ৰাজনীতিমুক্ত কৰাৰ অন্তর্নিহিত উদ্দেশ্য।

দেওবাৰে কেন্দ্রীয় ক্রীড়া মন্ত্রণালয়ে মল্লযুঁজাৰু ফেডাৰেছনৰ নবগঠিত কমিটিক পৰৱৰ্তী নির্দেশ নিদিয়া পর্যন্ত নিলম্বনৰ কথা ঘোষণা কৰে। লক্ষ্যণীয়ভাবে এনে পদক্ষেপ লোৱা হৈছে ফেডাৰেছনৰ সংবিধান উলংঘা কৰি একাধিক প্রতিযোগিতা ঘোষণা কৰাৰ কাৰণেহে। প্রতিবাদকাৰী মল্লযুঁজাৰুসকলৰ প্রতি সহমর্মিতা প্রকাশ ইয়াৰ উদ্দেশ্য নহয়। কথা আৰু কামৰ কি বৃহৎ পার্থনা। হায় সেটা বচাও !

এই একে সময়ছোৱাতে ভাৰতৰ সংসদীয় ইতিহাসত নজিৰবিহীন এক ঘটনা সংঘটিত কৰা হ’ল। সংসদৰ সুৰক্ষা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ উদঙাই দুজন যুবকে লোকসভাত প্রৱেশ কৰি বর্ষীন ধোঁৱা বোমা নিক্ষেপ কৰাতে ক্ষান্ত নাথাকি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গান দিয়ে। এই ঘটনাৰ সম্পর্কত গৃহমন্ত্রী অমিত শ্বাহৰ পৰা সদনত বিবৃতি দাবী কৰা বাবেই সর্বমুঠ ১৪৬জন বিৰোধী সাংসদক শীতকালীন অধিবেশনৰ বাকী থকা কালছোৱাৰ বাবে নিলম্বিত কৰা হয়।

দেশর আভ্যন্তৰীণ নিৰাপত্তাৰ দায়িত্বত থাকে গৃহমন্ত্রী। গতিকে তেওঁৰ পৰা বিবৃতি নিবিচাৰি কাৰ পৰা বিচাৰিব। অথচ গৃহমন্ত্রী শ্বাহে বিৰোধীয়ে বাৰম্বাৰ দাবী কৰাৰ পাছতো সদনত বিবৃতি নিদি-কোনো টিভি চেনেলৰ অনুষ্ঠানত এই সম্পর্কত বিভিয় প্রশ্নৰ উত্তৰ দিছে।

সংসদত যে নিৰাপত্তা ব্যৱস্থাত গুৰুতৰ ছিদ্র আছে সেই কথা চৰকাৰকে ধৰি সকলো পক্ষই স্বীকাৰ কৰিবলৈ বাধ্য হৈছে। গতিকে এই সম্পর্কত সংসদত আলোচনা কৰাত অসুবিধা ক’ত? সংসদ অধিৱেশন চলাকালীন যিকোনো গুৰুত্বপূর্ণ বিষয় সদনত দাঙি ধৰাটোৱেই নিয়ম। প্রকৃততে নিজৰ দায়িত্বৰ প্রতি ন্যূনতম সততা থাকিলেও স্বয়ং সংসদতে নিৰাপত্তা প্রদানত ব্যর্থতাৰ বাবে গৃহমন্ত্রীয়ে পদত্যাগ কৰাটোহে যুগুত।

অথচ গৃহমন্ত্ৰীয়ে সংসদত সাধাৰণ বিবৃতি উল্লেখ নিষ্প্রয়োজন। দৰাচলতে ব্যক্তি বিশেষৰ সমুখত দেশৰ প্রতিটো প্রতিষ্ঠানকে হেয় কৰাৰ যি ধাৰা বিগত সময়ছোৱাত এটা দিবলৈও সম্মত নহ’ল। এনে আচৰণ যে সংসদীয় গণতান্ত্রিক পৰম্পৰাৰ প্রতি চৰকাৰৰ চৰম অৱহেলাৰ নিদর্শন, তাৰ অব্যাহত আছে, এয়া তাৰেই অংশ মাথো। ইয়াৰ দ্বাবা ইয়াকেই প্রতীয়মান কৰিব বিচৰা হৈছে যে দেশত ব্যক্তি বিশেষৰ সমুখত এতিয়া সংসদ গুৰুত্বহীন।

অকল সেয়ে নহয়, প্রায় ডেৰশ বিৰোধী সাংসদক নিলম্বিত কৰি সংসদৰ উভয় সদনতে যথাবিহিত আলোচনা অবিহনেই দণ্ড সংহিতা বিধেয়ক তিনিখন গৃহীত কৰি পেলোৱা হ’ল। বিভিন্ন মহলে এই নতুন দণ্ড সংহিতাই ভাৰতক এখন পুলিচ ৰাষ্ট্র হিচাপে গঢ়ি তুলিব বুলি আশংকা প্রকাশ কৰিছে।

কিয়নো ভাৰতীয় দণ্ড বিধি অনুসৰি আৰক্ষীয়ে সর্বাধিক ১৫ দিন অভিযুক্তক জিম্মাত ৰখাৰ ব্যৱস্থা আছিল, কিন্তু নতুন দণ্ড সংহিতাত সেই সময়সীমা ৯০ দিনলৈ বৃদ্ধি কৰা হৈছে। যদি কোনো অভিযুক্ত ৯০ দিন পর্যন্ত আৰক্ষীৰ জিম্মাত থাকিবলগীয়া হয়, তেন্তে পৰিণতি কি বিষম হ’ব পাৰে তাকে লৈ সংশয়ৰ উদ্ভৱ হোৱাটো তেনেই স্বাভাৱিক।

এই দণ্ড সংহিতা যিহেতু ভাৰতৰ ভৱিষ্যতৰ বাবে এক মাইলৰ খুঁটি হ’ব বুলি দাবী কৰা হৈছে, তেন্তে বিস্তৃত আলোচনাৰ মাধ্যমেবে ইয়াক গ্রহণত অসুবিধা ক’ত সেয়া বুজিবলৈ টান। সাংসদৰ গণ নিলম্বনৰ সময়তে আন এক প্রহসন পোহবলৈ আহিল। সদনৰ বাহিৰত প্ৰতিবাদৰত সাংসদসকলৰ মাজৰে তৃণমূল কংগ্রেছৰ কল্যাণ বেনাজীয়ে ৰাজ্যসভাৰ অধ্যক্ষ তথা উপ-ৰাষ্ট্রপতি জগদীপ ধনখড়ৰ নকল কৰি উপস্থিত সকলোকে আমোদ দিয়ে।

ৰাজনৈতিক নেতাকে ধৰি বিভিন্ন ক্ষেত্ৰৰ চেলিব্রেটীসকলৰ নকল অভিনয় কৰাটো নতুন কথা নহয়। আনকি স্বয়ং প্রধানমন্ত্রী মোদীয়েও সদনৰ ভিতৰত পূৰ্বৰ প্রধানমন্ত্রী ড° মনমোহন সিং প্রমুখ্যে বিৰোধী নেতাৰ নকল অভিনয় কৰাটো সংসদৰ কাৰ্যসূচীৰ ভিডিঅ’ত আবদ্ধ হৈ আছে; কিন্তু ডেৰশ সাংসদক স্বেচ্ছাচাৰিতা প্রদর্শনৰে নিলম্বিত কৰি কমেও ১০ খন অতি গুৰুত্বপূর্ণ বিধেয়ক পর্যাপ্ত আলোচনা অবিহনেই একপক্ষীয়ভাবে গৃহীত কৰাৰ দৰে নজিববিহীন ঘটনাটোক লঘু কৰিবলৈ নকল অভিনয়ৰ ঘটনাটোকে প্ৰচাৰ কৰা হ’ল।

অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখিব বুলি আশা কৰা স্বয়ং উপ-ৰাষ্ট্রপতিয়েও দুর্ভাগ্যজনকভাৱে সাংসদজনৰ নকল অভিনয়ক জাতিগত অপমান বুলি কৈ শাসক দলৰ সপক্ষে সমর্থন গোটোৱাৰ নিকৃষ্ট প্রচেষ্টাত ব্রতী হ’ল। উপ-ৰাষ্ট্রপতিৰ দৰে পদত অধিষ্ঠিত হৈ যদি এনেদৰে সংসদতে জাত-পাতৰ ৰাজনীতিৰ আশ্রয় লয়, তেন্তে আন সাধাৰণ ৰাজনীতিকে কি কৰিব।

অথচ মোদী চৰকাৰে কোনো ধৰণৰ জাত- পাতৰ ৰাজনীতিক আশ্রয় নিদিয়ে বুলি সততে দাবী কৰে। মহিলা মল্লযুঁজাৰুসকলে বিজেপি সাংসদ তথা মল্লযুজাক ফেডাৰেছনৰ সভাপতি ব্রীজভূষণৰ বিৰুদ্ধে যৌন নির্যাতনৰ গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পাছতো সেই একেজন উপ- ৰাষ্ট্রপতিৰ অন্তৰাত্মা জাগি নুঠিল ৷

আনকি সংসদৰ নিৰাপত্তাহীনতাৰ প্ৰসংগত বিবৃতি দিবলৈ গৃহমন্ত্রী শ্বাহক নির্দেশ দিয়াতো বাদেই, অনুৰোধ জনাবলৈকো সাহস নহ’ল। একেটা বিষয়ত ক্ষমতাসীনসকলৰ নীতিহীন তথা সুবিধাজনক কার্যকলাপ আৰু অবস্থান আশ্চর্যকৰ।

এনে ধামখুমীয়াৰ মাজতে এক অতি গুৰুত্বপূর্ণ অধ্যায় দেশবাসীৰ সমুখৰ পৰা হেৰাই যোৱাৰ উপক্ৰম হৈছে। ভাৰতীয় সেনাবাহিনীৰ সদ্য প্রাক্তন মুৰব্বী জেনেৰেল মনোজ মুকুন্দ নাৰবানেৰ আত্মজীৱনীমূলক গ্রন্থই বজাৰত ওলোৱাৰ পূৰ্বে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

গ্রন্থখনৰ কেতবোৰ উদ্ধৃতিৰে সংবাদ মাধ্যমত প্রকাশ পাইছে যে মোদী চৰকাৰে আৰম্ভ কৰা অগ্নিবীৰ আঁচনি সেনাবাহিনীৰ কোনো এটা শাখাৰ স’তেই কোনো ধৰণৰ আলোচনা অবিহনেই চৰকাৰে ঘোষণা কৰিছিল।

মাত্র চাৰি বছৰীয়া কার্যকালৰ বাবে অগ্নিবীৰ নিয়োগ আঁচনি সেনাবাহিনীৰ বাবে ক্ষতিকাৰক হ’ব বুলি দুৰ্ঘোৰ আপত্তি কৰা হৈছিল যদিও চৰকাৰে তালৈ কাণসাৰ কৰা নাছিল। তদুপৰি এই অগ্নিবীৰ জোৱানসকলৰ দৰমহা ধার্য কৰা হৈছিল মাত্র ২০ হেজাৰ টকাকৈ।

জেনেৰেল নাববানেৰ যথেষ্ট হেঁচাৰ পাছতহে সেই দৰমহা ৩০ হেজাৰ টকালৈ বৃদ্ধি কৰা হয়। স্থল, বায়ু আৰু নৌসেনা এই সিদ্ধান্তত উচপ খাই উঠিছিল যদিও অবশেষত চৰকাৰৰ সিদ্ধান্ত মানি ল’বলৈ বাধ্য হৈছিল।

অকল সেয়ে নহয়, গালৱানত চীনা সৈন্যৰ আগ্রাসনৰ সময়ত কি পদক্ষেপ গ্রহণ কৰিব সেই সন্দৰ্ভত চৰকাৰৰ মুৰব্বীসকলে কোনো সিদ্ধান্ত প্রদানৰ পৰা বিৰত থাকি জেনেৰেল নাৰৱানকে সিদ্ধান্ত গ্রহণ কৰিবলৈ নির্দেশ দিয়ে। আন দেশৰ সৈন্যবাহিনীৰ স’তে যুদ্ধত অৱতীর্ণ হোৱা অথবা নোহোৱাৰ সিদ্ধান্ত গ্রহণ কৰে সংশ্লিষ্ট দেশৰ চৰকাৰৰ মুৰব্বীসকলে।

কিয়নো দেশৰ ৰাজনৈতিক, আর্থিক আৰু বৈদেশিক নীতি ইয়াত জড়িত থাকে। সেই নির্দেশ দেশৰ সেনাবাহিনীয়ে অনুসৰণ কৰে। অথচ কথাই কথাই কঠোৰ আৰু দৃঢ় সিদ্ধান্ত গ্রহণত সক্ষম বুলি দাবী কৰি অহা চৰকাৰখনে প্রয়োজনৰ সময়ত মূৰ পোলোকা মৰাৰ বিষয়টো নাৰৱানেৰ গ্রন্থত বিস্তৃতভাবে উল্লেখ কৰা হৈছে।

এনেবোৰ তথ্য ইতিমধ্যে সংবাদ মাধ্যমত প্রকাশ পোৱাৰ পাছত গ্রন্থখন বিক্রীত কেন্দ্ৰীয় চৰকাৰে অনুমতি প্রদান নকৰিব বুলি সংশয়ৰ সৃষ্টি হৈছে। সেনাবাহিনী আৰু দেশভক্তিক লৈ অহৰহ ডিঙি ফুলাই ভাষণ দিয়াসকলে কিদৰে সেনাবাহিনীক নিজৰ প্রয়োজন অনুসৰি ব্যৱহাৰ কৰে, এই ঘটনাই চৰকাৰৰ প্রকৃত স্বৰূপ উদঙই দিবলৈ যথেষ্ট।

লক্ষ্যণীয় যে কেন্দ্রীয় নেতৃত্বই প্রদর্শন কৰা এনে স্বেচ্ছাচাৰী মনোভাবেই ইতিমধ্যে ৰাজ্যসমূহলৈও প্ৰসাৰ ঘটিছে।

অসমৰ বেলিকা তেনে যথেষ্ট উদাহৰণ ওলাই পৰে। অসম বিধানসভাই সর্বসম্মতিক্রমে সিদ্ধান্ত লৈছিল যে বছৰি কমেও তিনিখন অধিবেশন অনুষ্ঠিত কৰা হ’ব। সেয়া হৈছে- বাজেট অধিৱেশন, বর্ষাকালীন অধিৱেশন আৰু শীতকালীন অধিৱেশন, অথচ বিধানসভাৰ সিদ্ধান্তকো উলাই কৰি চলিত বৰ্ষৰ শীতকালীন অধিৱেশন আয়োজন কৰা নহ’ল চৰকাৰৰ সহাৰিৰ অভাৱত।

দৰাচলতে দুই-এজন ব্যক্তিৰ ইচ্ছা-অনিচ্ছাতে সকলো নিৰ্ভৰশীল হৈ পৰা হেতুকে বিধানসভা অধিবেশনৰ হয়তো প্রয়োজন অনুভৱ কৰা হোৱা নাই। কেবিনেটৰ বৈঠকসমূহৰ দৰেই বিধানসভা অথবা অন্যান্য প্রতিষ্ঠানসমূহকো সংকীর্ণ স্বাৰ্থত ব্যৱহাৰ কৰাৰ প্রৱণতা গঢ় লৈ উঠিছে।

ইয়াৰেই আন এক উদাহৰণ হৈছে- ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নির্বাচন। এই নির্বাচনৰ একাংশ প্রার্থীক ধনবল আৰু ভাবুকি প্রদানেৰে মনোনয়ন প্রত্যাহাৰ কৰিবলৈ বাধ্য কৰোৱা হৈছে। ইয়াৰ ফলত যে শাসক দলৰেই লাভ হৈছে, তাৰ উল্লেখ নিষ্প্রয়োজন।

এনেদৰেই গণতান্ত্রিক নির্বাচনী প্রক্রিয়াকো কুক্ষিগত কৰা হৈছে। গুৱাহাটী মহানগৰীৰ মাজমজিয়াইদি সর্বাধিক দৈর্ঘ্যৰ ফ্লাই অভাৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে। তাৰ ফলত কি সুবিধা -অসুবিধা হ’ব তাক লৈ সংশ্লিষ্ট পক্ষসমূহৰ মতামত গ্রহণৰ প্ৰয়োজন নাই নেকি? ধৰি লোৱা হ’ল সেই অঞ্চলৰ বাসিন্দাসকল অথবা তাৰ স’তে সংযুক্ত হৈ থকাসকল বিশেষজ্ঞ নহয়, কিন্তু কিন্তু সিদ্ধান্ত গ্রহণকাৰীসকল বিশেষজ্ঞ নেকি? ফ্লাই অ’ভাৰখন হ’লেই সমস্যাৰ সমাধান হ’ব বুলি কোনে নিশ্চয়তা দিব? যদি হয়েই সেই কথাবোৰ সংশ্লিষ্টসকলক আশ্বস্ত কৰাত অসুবিধা ক’ত ?

ব্যক্তি বিশেষক সকলোৰে উর্ধ্বত তুলি লোৱাৰ এনে প্ৰৱণতাই কেৱল প্রহসনৰহে সৃষ্টি কৰিছে। এই দেশ, এই মাটিৰ ওপৰত স্বত্ব সকলোৰে- সেই কথা পাহৰি নোযোৱাটোৱেই শ্রেয়।

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: And What A FarceArticlesGuwahatiWriter Pranjal SenDeka
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

March 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d