Novel ‘Premar Rang’ by writer-journalist Phanidhar Pathak was launched:লেখক-সাংবাদিক ফণীধৰ পাঠকৰ উপন্যাস ‘প্রেমৰ ৰং’ উন্মোচন

অগ্রদূত ভৱনত গাম্ভীর্যপূর্ণ অনুষ্ঠানত গ্রন্থখন উন্মোচন কৰে বিশিষ্ট সাংবাদিক কনকসেন ডেকাই

phanidhar pathak

Novel ‘Premar Rang’ by writer-journalist Phanidhar Pathak was launched:

সংবাদ জগতৰ সামান্তৰালভাৱে সাহিত্য জগতৰ এটি চিনাকী নাম লেখক-জ্যেষ্ঠ সাংবাদিক ফণীধৰ পাঠকে আন এখন গ্ৰন্থ পঢ়ুৱৈৰ হাতত তুলি দিয়ে। বড়োভূমিৰ পটভূমিত এজন বড়ো ল’ৰা আৰু এগৰাকী মুছলমান ছোৱালীৰ প্ৰেমৰ কাহিনীক লৈ পাঠকে লিখি উলিওৱা ‘প্রেমৰ ৰং’ শীর্ষক উপন্যাসখন শুকুৰবাৰে উন্মোচন কৰে বিশিষ্ট সাংবাদিক তথা অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি কনকসেন ডেকাই

অগ্রদূত ভবনত আয়োজিত গ্রন্থ উন্মোচনীৰ গাম্ভীর্যপূর্ণ অনুষ্ঠানত শিক্ষাবিদ ড° দয়ানন্দ পাঠক, সাহিত্যিক ভৱানী প্রসাদ অধিকাৰী, কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক ড° মৃণাল বর্মন, অৱসৰপ্ৰাপ্ত অভিযন্তা অতুল চন্দ্র শর্মা, জ্যেষ্ঠ সাংবাদিক ৰাজতিলক বর্মন, প্রতিবন্ধী সংস্থাৰ সম্পাদক নৃপেন মালাকাৰকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

জ্যেষ্ঠ সাংবাদিক কুমুদ তালুকদাৰে আঁত ধৰা অনুষ্ঠানটোত বিশিষ্ট সাংবাদিক ডেকাই উপন্যাসখন উন্মোচন কৰি এখন উপন্যাসে সমাজলৈ আমুল পৰিবৰ্তন আনিবলৈ সক্ষম হয় বুলি মন্তব্য কৰে। উল্লেখ্য যে বড়োভূমিত এটা সময়ত চূড়ান্ত ৰূপ ধাৰণ কৰা গোষ্ঠীগত সংঘৰ্ষৰ সময়ৰ বিভিন্ন দিশ আৰু পৃথক পৃথক ধৰ্মৰ এহাল যুৱক-যুৱতীৰ প্রেম কাহিনীৰে উপন্যাসখন লিখি উলিওৱা হৈছে।

এই প্রসংগত বিশিষ্ট সাংবাদিক ডেকাই সাম্প্রতিক সময়ত সমাজত দেখিবলৈ পোৱা জাত-পাত, ধৰ্মৰ নাম বিভেদৰ বহু কেইটা উদাহৰণ দাঙি ধৰি এই দিশসমূহে উঠি অহা প্রজন্মক ক্ষতি কৰিব বুলি মন্তব্য কৰে। সমাজ ব্যৱস্থা এক ভয়ংকৰ পৰিস্থিতিৰ মাজলৈ গৈ আছে বুলি ডেকাই মন্তব্য কৰে।

সমান্তৰালভাবে শিক্ষাবিদ ড° পাঠকে গ্রন্থখনে পঢ়ুৱৈৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা ব্যক্ত কৰি সাংবাদিক আৰু সাহিত্যিক একেটা মুদ্রাৰ ইপিঠি-সিপিঠি বুলি মন্তব্য কৰে। লগতে তেওঁ সাহিত্যিক হ’বলৈ হ’লে এজন সাংবাদিক হ’ব লাগিব নতুবা এই দিশত জ্ঞান থাকিল বহু সহায়ক হয় বুলি মন্তব্য কৰে।

একেদৰে সাহিত্যিক অধিকাৰীয়ে নীৰৱে নিৰলাত বহি সৰলতাৰে গ্রন্থ লেখাত লেখক পাঠক সিদ্ধহস্ত বুলি মন্তব্য কৰি নিজকে জাহিৰ কৰিব নিবিচৰা লেখক পাঠকৰ বহুমুখী প্রতিভাৰ কথাও উল্লেখ কৰে। সাহিত্যৰ প্রায় প্রতিটো দিশ তথা বিভাগতে লেখকৰ দখল আছে বুলি অধিকাৰীয়ে মন্তব্য কৰি বিশিষ্ট সাহিত্যিক, সাংবাদিক ডেকাৰ অনুপ্ৰেৰণাতে লেখকৰ এই বর্ণিল যাত্রা বুলি কয়।

উল্লেখ্য যে, লেখকৰ পাঠকৰ ইতিমধ্যে বহু কেইখন গ্রন্থ, নাটক আদি প্রকাশ পাইছে আৰু পঢ়ুৱৈৰ ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁৰ প্ৰকাশিত গ্রন্থসমূহৰ মাজত আছে গল্প সংকলন ‘আহত সময়ৰ গান’, উপন্যাস ‘অগ্নিপথ’, শিশু উপন্যাস ‘অৰণ্যত কন্দল’ আদি। অনুষ্ঠানত ‘প্রেমৰ ৰং’ শীর্ষত উপন্যাসখনৰ বিষয়বস্তু দাঙি ধৰি লেখক পাঠকে কয় যে উপন্যাসখনৰ পটভূমি ২০১১-১২ত  বড়োভূমিত সংঘটিত হোৱা গোষ্ঠীগত সংঘাতৰ বাস্তৱ ঘটনা প্রৱাহ যদিও চৰিত্ৰসমূহ কাল্পনিক।

গোষ্ঠীগত সংঘৰ্ষ সৃষ্টিৰ আঁৰত ক্ষমতা খকুৱা এচাম ৰাজনৈতিক নেতাই ধর্ম-বর্ণ-সম্প্রদায়ৰ মাজত কিদৰে সংঘাত সৃষ্টি কৰি সম্প্রীতিৰ এনজৰীক বিঘ্নিত কৰিছিল এটা প্রেম কাহিনীৰ মাজেৰে তুলি ধৰা হৈছে বুলি কয়। অশোক বুক ষ্টলে প্রকাশ কৰি উলিওৱা উপন্যাসখনৰ মূল্য হৈছে দুশ টকা।

Exit mobile version