Three Lawyers Who Have Crossed 25 Years Honored:
গুৱাহাটীৰ সমীপৰ ৰাণীৰ বেলগুৰীত সোমবাৰে জৰ্জ কোৰ্ট বাৰ এছোছিয়েছনৰ উদ্যোগত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । ২৫ বছৰ অতিক্ৰম কৰা উপলক্ষে তিনিগৰাকী জেষ্ঠ অধিবক্তাক সম্বৰ্ধনা জনায় ।
জেষ্ঠ অধিবক্তা পুস্প প্ৰসাদ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত আদৰণি ভাষণ প্ৰদান কৰে অধিবক্তা ৰাজীৱ আহমেদে ।
অধিবক্তা তথা বিশিষ্ট সমাজকৰ্মী দিপক বৰুৱাই পৰিচালনা কৰা সভাখনত সদৌ অসম উকিল সন্থাৰ যুটীয়া প্ৰবীণ কুমাৰ কলিতা, কামৰূপ জিলা অধিবক্তা সন্থাৰ সভাপতি মাণিক আলি আহমেদ আৰু কৃষি বিভাগৰ কামৰূপ মেট্ৰ’ৰ মহকুমা কৃষি বিষয়া ৰুমী গোস্বামী উপস্থিত থাকি ভাষণ প্ৰদান কৰে ।
সভাত ২৫ বছৰ অতিক্ৰম কৰা অধিবক্তা ক্ৰমে অজন্তা তালুকদাৰ, কুলেন্দ্ৰ ভট্ট আৰু নৱস্মিতা গগৈক ফুলাম গামোচা জাপি শৰাই মানপত্ৰ আদিৰে সম্বৰ্ধনা জনোৱা হয় ।
সভাৰ শেষত জোনা দেৱীৰ কবিতা আবৃত্তি কৰে অধিবক্তা ৰাজীৱ আহমেদে । তাৰ পিছতে ভাষণ প্ৰদান কৰে অধিবক্তা মতিউৰ ৰহমানে ।