Green Tribunal Has Issued a Notice To the Government to Provide Clean Water:বিশুদ্ধ পানীৰ ব্যৱস্থা কৰিবলৈ চৰকাৰলৈ জাননী সেউজ ন্যায়াধিকৰণৰ

green tribunal

Green Tribunal Has Issued a Notice To the Government to Provide Clean Water:

ৰাজ্যৰ কে’বাখনো জিলাৰ সৰ্বসাধাৰণ জনতাই সেৱন কৰি অহা ভূ-গর্ভস্থ পানীত মাৰাত্মক আছেনিক আৰু ফ্ল’ৰাইড থকা বুলি প্রমাণিত হোৱাৰ পাছতো অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰেও কোনো ব্যৱস্থা গ্রহণ নকৰাৰ সময়তে এই সন্দর্ভত নিজাববীয়াকৈ গোচৰ ৰুজু সেউজ ন্যায়াধিকৰণে।

উল্লেখ্য যে অসমৰ লগতে দেশৰ ২৪ ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ ভূ-গর্ভস্থ পানীত আছেনিক আৰু ফ্ল’ৰাইডযুক্ত পানীতো আছেনিক আৰু ফ্ল’ৰাইডৰ উপস্থিতি ধৰা পৰাত এনে পানী সেৱন কৰা জনতাৰ স্বাস্থ্যৰ প্ৰতি চৰম ভাবুকি হৈ পৰিছে।

এই সকলো দিশ অধ্যয়ন কৰি ৰাষ্ট্রীয় ন্যায়াধিকৰণৰ ন্যায়িক সদস্য সুধীৰ আগৰৱালা আৰু বিশেষজ্ঞ সদস্য এ ছেছিল ভেলে গভীৰ উদ্বেগ প্রকাশ কৰি বিষয়টোৰ গুৰুত্ব অনুভৱ কৰে আৰু তাৎক্ষণিকভাৱে জনস্বাস্থ্য সুৰক্ষিত কৰাৰ বাবে চৰকাৰক ব্যৱস্থা গ্রহণৰ নিৰ্দেশ জাৰি কৰে।

বিভিন্ন সংবাদ মাধ্যমত প্রকাশিত বাতৰিৰ ভিত্তিত ন্যায়াধিকৰণে নিজাববীয়া গোচৰ ৰুজু কৰি অসমকে ধৰি দেশৰ আটাইকেইখন ৰাজ্যৰ চৰকাৰলৈ জাননী জাৰি কৰিছে।

উল্লেখ্য যে অসমসহ দেশৰ ২৫ খন ৰাজ্যৰ ২৩০ খন জিলাত আছেনিক আৰু ২৭ খন ৰাজ্যত ৪৬৯ খন জিলাত ফ্ল’ৰাইডৰ উপস্থিতি ধৰা পৰিছে। এই প্রসংগত আজি ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে কেন্দ্ৰীয় ভূ-গর্ভস্থ জল কর্তৃপক্ষকো ইমানদিনে এই মাৰাত্মক বিষয়টো সন্দৰ্ভত তৎপৰতা অৱলম্বন নকৰাত তীক্ষ্ণ সমালোচনা কৰে।

সংশ্লিষ্ট ৰাজ্যসমূহলৈও জৰুৰী নির্দেশনা জাৰি কৰি সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহক আছেনিক আৰু ফ্ল’ৰাইড মিহলি পানীৰ পৰিৱৰ্তে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ জাৰি কৰে।

Exit mobile version