Two fraudsters Arrested for Extorting Money in the Name of Nagaon SP:আৰক্ষী অধীক্ষকৰ নামত ধনদাবী কৰি ৰঙাঘৰৰ আলহী দুই প্ৰৱঞ্চক

fourdarested

Two fraudsters Arrested for Extorting Money in the Name of Nagaon SP:

কিছুদিন পূৰ্বে এটা পৰ্টেলৰ সাংবাদিকে নগাঁও আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ নামত ধন দাবী কৰি ইতিমধ্যে আৰক্ষীৰ ৰোষত পৰাৰ ভয়ত আত্মগোপন কৰি থকাৰ দৰে ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ পুনৰ অনুৰূপ ঘটনা সংঘটিত হয় ৷

এছ পি নৱনীত মহন্তৰ নামত ধন দাবী কৰি ইতিমধ্যে আৰক্ষী জালত পৰিছে দুই কুখ্যাত প্ৰৱঞ্চক ৷ ধৃত প্ৰৱঞ্চক দুটা হ’ল ৰফিকুল শ্বেখ আৰু তুলাৰাম শৰ্মা ৷

উল্লেখ্য যে, উদ্থাপিত অভিযোগ অনুসৰি দুই অভিযুক্তই অৰুণাচলৰ পৰা অসমলৈ কাঠ সৰবৰাহ কৰাৰ বাবদ এজন ব্যৱসায়ীৰ পৰা এছ পিক মেনেজ কৰাৰ নাম লৈ দাবী কৰিছিল পাঁচ লাখ টকা ৷

এছ পিৰ নাম লৈ ধন দাবীৰ ফোন ৰেকডিং ইতিমধ্যে ছ’চিয়েল মেডিয়াত ভাইৰেল হোৱাৰ পাছতে নগাঁও আৰক্ষীয়ে ধন দাবী কৰা লোক দুজনৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰি বিশেষ সূত্ৰৰ পম খেদি ৰফিকুল শ্বেখ আৰু তুলাৰাম শৰ্মা নামৰ দুই প্ৰৱঞ্চকক জখলাবন্ধাৰ গৰুবন্ধাৰ পৰা আটক কৰে।

নগাঁও আৰক্ষীয়ে দুই প্ৰবঞ্চকৰ বিৰুদ্ধে ভা:দ:বিধি আইনৰ ১২০(বি),১৮৭ আৰু ৩৯৯ ধাৰাৰ অধীনত ১২৫০/২৩ নম্বৰৰ এটা গোচৰ ৰুজু কৰে ৷

উল্লেখ্য যে, নগাঁও চহৰৰ পাশ্বৱৰ্তী চিলঙনীৰ মোস্তাফা কামাল নামৰ এটা ৱেৱপৰ্টেলৰ সাংবাদিক এজনে এটা গোচৰ মিমাংসা কৰি দিয়াৰ নামত এছ পি নৱনীত মহন্তৰ নামত দুই লাখ টকা লোৱাৰ অভিযোগ উদ্থাপন কৰি এজন লোকে কচুৱা থানাত ৰজু কৰে গোচৰ ৷ ইতিমধ্যে এই গোচৰৰ তদন্ত আৰম্ভ কৰিছে কচুৱা আৰক্ষীয়ে ৷ অৱশ্যে পলাতক অবস্থাত আছে ধুৰন্ধৰ – স্বয়ম্ভু সাংবাদিকজন ৷

Exit mobile version