Opposition Coalition’s Lok Sabha Constituency Division is Almost Final:ৰাজ্যৰ বিৰোধী মিত্রজোঁটৰ লোকসভা সমষ্টি ভাগ-বাটোৱাৰা প্ৰায় চূড়ান্ত

ভোগালী বিহুৰ পূৰ্বেই প্রক্রিয়া সম্পূর্ণ কৰিবলৈ ব্যাপক তৎপৰতা, ডিব্ৰুগড়ত লুৰীণজ্যোতি গগৈৰ প্ৰতিদ্বন্দ্বিতাৰ পূৰ্ণ সম্ভাৱনা, চৰ্ত সাপেক্ষে বৰপেটা চিপিএমক এৰি দিব পাৰে কংগ্ৰেছে, আপৰ সম্ভাৱনা তেজপুৰত প্ৰতিদ্বন্দ্ব্বিতাৰ, কৰিমগঞ্জ- ধুবুৰীত শক্তিশালী দাবীদাৰ তৃণমু কংগ্ৰেছৰ

bhupen bora

Opposition Coalition’s Lok Sabha Constituency Division is Almost Final:

লোকসভা নিৰ্বাচনৰ বাবে শাসকীয় বিজেপি আৰু ইয়াৰ মিত্র দলে অব্যাহত ৰখা তৎপৰতাৰ সমান্তৰালকৈ বিৰোধীও সক্রিয় হৈছে।

অসমত কংগ্রেছৰ নেতৃত্বত ১৫ টা বিৰোধী দলে ঐক্যমঞ্চ গঠন কৰিছে। এই মঞ্চই তৎপৰতাৰ অংশৰূপে ইতিমধ্যে সমষ্টি ভাগ-বাটোৱাৰাৰ এটা পর্যায় প্রায় সম্পূর্ণ কৰিছে। সমাগত ভোগালী বিহুৰ পূর্বে এই প্রক্রিয়াটো সম্পূৰ্ণ কৰাৰ তৎপৰতাও অব্যাহত ৰখা হৈছে।

শেহতীয়াকৈ বিৰোধী মিত্ৰজোঁটে চাপৰত এখন সাংগঠনিক বৈঠকৰ লগতে এখন ৰাজহুৱা সভাও অনুষ্ঠিত কৰে। এই সাংগঠনিক বৈঠকতে দলবোৰৰ মাজত সমষ্টি ভগোৱাৰ এটা পর্যায়ক প্রায় চূড়ান্ত ৰূপ দিয়া হয়।

কংগ্রেছে প্রথমতে সহযোগী দলবোৰৰ লগত সমষ্টি ভগোৱাৰ প্রক্রিয়াটো আগবঢ়াইছে। তাৰ বাবে প্রার্থিত্বৰ দাবীদাৰ প্ৰতিটো দলৰ লগত পৃথকে পৃথকে আলোচনা অব্যাহত ৰাখিছে।

মিত্র দলৰ আটাইকেইটাই প্রার্থিত্ব দাবী কৰা নাই। কমেও ছটা দলেহে প্রতিদ্বন্দ্বিতাৰ বাবে ভৰি দাঙিছে। অবশ্যে এই ছটাৰ আটাইকেইটাই প্রতিদ্বন্দ্বিতাৰ সুযোগ পোৱাৰ সম্ভাৱনা একেবাৰে নাই। প্রার্থিত্বৰ দাবীদাৰ দলকেইটা হ’ল চিপিআই(এম), চিপিআই, চিপিআই (এম এল), অসম জাতীয় পৰিষদ (এজেপি), আম আদমি পার্টি আৰু অসম তৃণমূল কংগ্রেছ। বিৰোধী মিত্রজোঁটৰ শীর্ষ সূত্রই সদৰী কৰা অনুসৰি, এই পর্যন্ত প্রায় চূড়ান্ত হোৱা সিদ্ধান্ত অনুসৰি অসম জাতীয় পৰিষদক ডিব্ৰুগড় সমষ্টি এৰি দিয়াৰ পূর্ণ সম্ভাৱনা আছে।

ডিব্ৰুগড়ত দলৰ প্রার্থী হ’ব সভাপতি লুৰীণজ্যোতি গগৈ। দলটোরে দ্বিতীয়টো সমষ্টি হিচাপে বৰপেটা অথবা গুৱাহাটী বিচাৰিছে। ইয়াৰে যিকোনো এটা দিলে প্রার্থী হোৱাৰ সম্ভাৱনা আছে প্রাক্তন মহাধিবক্তা কমল নয়ন চৌধুৰী। কংগ্রেছে জাতীয় পৰিষদৰ প্রস্তাৱটোক নাকচ নকৰি অধিক আলোচনাৰ প্রয়োজন আছে বুলি আশ্বাস দিছে।

বিশেষকৈ বৰপেটাৰ ক্ষেত্রত কংগ্রেছ নেতৃত্বই জাতীয় পৰিষদক জনাইছে যে সমষ্টি পুনৰ নির্ধাৰণৰ ফলত লোকসভা সমষ্টিটোৰ জনগাঁথনিত সম্পূর্ণ পৰিৱৰ্তন আহিছে। ইয়াৰ ফলত সমষ্টিটোৰ পৰা কংগ্রেছৰ প্রার্থিত্বৰ দাবীদাৰ আটাইতকৈ বেছি।

গুৱাহাটী লোকসভা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰা প্রার্থীয়েও এইবাৰ বৰপেটাৰ পৰা টিকট বিচাৰিছে। তদুপৰি সমষ্টিটো চিপিএমক এৰি দিয়াৰ সম্ভাৱনাও আছে। সেই কাৰণে বৰপেটাক লৈ আলোচনাৰ প্রয়োজন আছে বুলি কংগ্ৰেছৰ পৰা জাতীয় পৰিষদক জনোৱা হৈছে।

একেদৰে ৰাজ্যৰ ৰাজধানীক সামৰি গঠিত গুৱাহাটী সমষ্টিক লৈ আলোচনাৰ অৱকাশ আছে। গুৱাহাটীত কোনটো দলে প্রতিদ্বন্দিতা কৰিছে, প্রার্থী কোন আদি বিষয়বোৰে অন্য ১৩ টা সমষ্টিতো প্রভাৱ পেলায় বুলি কংগ্রেছ নেতৃত্বই অনুভব কবে।

বৰপেটা সমষ্টিটোৰ চিপিআই (এম) হ’ল শক্তিশালী দাবীদাৰ। কাৰণ সামগ্রিকভাবে গোটেই সমষ্টিটোত দলটোৰ এক প্রভাৱ বাহাল আছে। বর্তমান বিধানসভাত সৰভোগ সমষ্টিক চিপিএমৰ বিধায়কে প্রতিনিধিত্ব কৰি আছে।

বৰপেটা লোকসভা সমষ্টিত এটা সময়ত দলটোৰ সাংসদো আছিল। বৰপেটা দাবী কৰি বাওঁদলটোৱে সমষ্টিটোত সাংগঠনিক তৎপৰতাক্রমে ত্বৰাম্বিত কৰিছে। দলৰ সাংগঠনিক সভা অনুষ্ঠিত কৰাৰ উপৰি ৰাজহুৱা সভাৰো আয়োজন কৰিছে।

কংগ্রেছে চিপিএমক জনাইছে যে যদিহে সমষ্টিটোৰ প্রার্থী বিধায়ক মনোৰঞ্জন তালুকদাৰ হয় তেনেহ’লে বৰপেটা দলটোক এৰি দিয়াৰ সম্ভাৱনা অধিক। কংগ্রেছৰ এই চর্তক দলটোৱে মানি লোৱা নাই। বিধায়ক তালুকদাৰো লোকসভাৰ প্রার্থী হ’বলৈ ইচ্ছুক নহয়।
আনহাতে, আম আদমী পার্টিকো এটি সমষ্টি এৰি দিয়াৰ সম্ভাৱনা আছে। দলটোক তেজপুৰ সমষ্টিটো এৰি দিব পৰা সন্দৰ্ভত সিদ্ধান্ত গ্রহণ প্রক্রিয়া বহুখিনি আগবাঢ়িছে। এনেদৰে প্রক্রিয়া আগবঢ়াত আপৰ পৰা সমষ্টিটোৰ প্রার্থী কোন হ’ব সেয়াও প্রায় চূড়ান্ত হৈছে।

সেই অনুসৰি, আপৰ ডিব্ৰুগড় জিলা সমিতিৰ উপ-সভাপতি মনোজ ধানোৱাৰ আপৰ প্রার্থী হ’ব। কংগ্রেছৰ প্রাক্তন মন্ত্রী প্রয়াত ৰামেশ্বৰ ধানোৱাৰৰ পুত্র মনোজ ধানোৱাৰক প্রার্থী কৰিব বিচৰাৰ মূল কাৰণটো হ’ল তেজপুৰ লোকসভা সমষ্টিত নির্ণায়ক ভূমিকা লোৱা চাহ বাগিচাৰ ভোটাৰ।

ইপিনে, দলৰ সংগঠন বিশেষ নাথাকিলেও অসম তৃণমূল কংগ্ৰেছ দুটা সমষ্টিৰ দাবীদাৰ হৈ উঠিছে। সমষ্টি দুটা হ’ল ধুবুৰী আৰু কৰিমগঞ্জ। ধুবুৰী বিচৰাৰ কাৰণ হ’ল দলটোৰ  নেতৃত্বৰ দাবী অনুসৰি সমষ্টিটোত সংগঠন শক্তিশালী হৈ উঠিছে।

তদুপৰি তৃণমূল কংগ্রেছৰ চৰকাৰ থকা পশ্চিমবংগব গাতে সমষ্টিটো লাগি আছে। পশ্চিমবংগৰ প্রভাৱ ধুবুৰীতো পৰিব বুলি দলটোৰ নেতৃত্ব যথেষ্ট আশাবাদী। একেদৰে কৰিমগঞ্জ বিচৰাৰ কাৰণ হ’ল গাতে লাগি থকা ত্ৰিপুৰা। অসম তৃণমূল কাগ্রেছৰ নেতৃবৃন্দই হিচাপ কৰা অনুসৰি তেওঁলোকৰ দলটোৰ প্ৰতি বাঙালী ভোটাৰৰ দুৰ্বলতা আছে।

চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত বাংলাভাষী লোকৰ মাজত তৃণমূল কংগ্রেছৰ প্রভাৱ আছে। সেই প্রভাৱে কৰিমগঞ্জত অসম তৃণমূল কংগ্রেছক সহায় কৰিব বুলি তেওঁলোকে ভাবে।

সমষ্টি দাবী কৰা আন দলকেইটাৰ ভিতৰত চিপিআয়ে যোৰহাট অথবা কাজিৰঙা বিচাৰিছে। দলটোৰ প্রথম পছন্দ হ’ল যোৰহাট। যদিহে যোৰহাটৰ প্রার্থী গৌৰৱ গগৈ হয়, তেনেহ’লে কোনো প্রশ্ন উত্থাপন নকৰাকৈ দলটোৱে সমষ্টিটো এৰি দিব।

তেতিয়া তেওঁলোকক লাগিব কাজিৰঙা সমষ্টি। কংগ্ৰেছৰ শীৰ্ষ সূত্রই সদৰী কৰা অনুসৰি চিপিআইক সমষ্টি এৰি দিয়াৰ স্থিতিত বর্তমান মিত্রজোটৰ নেতৃত্ব নাই। একেদৰে চিপিআই (এমএল)-এ দাবী কৰা সমষ্টিটো হ’ল ডিফু। পূর্বে ডিফুত দলটোৰ সাংসদ আছিল।

সেই সূত্রে সমষ্টিটোত এতিয়াও দলৰ প্রভাৱ থকা বুলি তেওঁলোকে ভাবে। অৱশ্যে দলটোক ডিফু এৰি দিয়াৰ সন্দৰ্ভত কংগ্রেছৰ মনোভাৱ যোগাত্মক নহয়। গতিকে শেষ মুহূর্তত বিৰোধী মিত্রজোঁটৰ পৰা কংগ্ৰেছৰ লগতে অসম জাতীয় পৰিষদ, চিপিএম, অসম তৃণমূল কংগ্রেছ আৰু আপেহে প্রতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে ৷

Exit mobile version