APSC SCAM:নন্দিনীৰ দুখন উত্তৰবহীৰ সন্ধান নাই, নম্বৰ বৃদ্ধি উত্তৰবহীত

nandini 1

APSC SCAM:

জালিয়াতিৰে অসম লোকসভা আয়োগ (এপিএছচি)ৰ জৰিয়তে ৰাজপত্ৰিত বিষয়াৰ চাকৰি সংগ্ৰহ কৰি এতিয়া নিজেই সেই বিষয়ে অজ্ঞতা প্রকাশ কৰাটো এক স্বাভাৱিক চৰিত্ৰ কৰি লৈছে বিশেষ তদন্তকাৰী গোট এছআইটি)ৰ জেৰাৰ সন্মুখীন হোৱা বিষয়াসকলে।

সেই একে উত্তৰেই এছআইটিক দিয়ে মহানগৰ আৰক্ষীৰ নিলম্বিত অতিৰিক্ত উপ-আৰক্ষী আয়ুক্ত (এডিচিপি) নন্দিনী কাকতিয়ে। এছআআইটিয়ে তলব কৰা অনুসৰি জেৰাৰ সন্মুখীন হ’বলৈ কাকতি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ কাৰ্যালয়ত হাজিৰ হয়। আঠ ঘণ্টাজুৰি কাকতিক জেৰা কৰা হয়।

নিলম্বিত বিষয়াগৰাকীৰ বিৰুদ্ধে জালিয়াতিৰ স্পষ্ট তথ্য উদ্ধাৰ হোৱাই নহয়, আন এক ভয়ংকৰ কাণ্ডও পোহৰলৈ আহিছে। সেই অনুসৰি, এই পর্যন্ত নন্দিনী কাকতিৰ এপিএছচিৰ মূল পৰীক্ষাৰ ছখন উত্তৰবহীৰ দুখনৰ সন্ধান ওলোৱা নাই। সেই দুখন ক’ত হেৰাল তাৰ তদন্ত চলিলেও সন্ধান লাভৰ কোনো উমঘামেই নাই।

আকৌ চাৰিখন উত্তৰবহীৰো নম্বৰ বৃদ্ধি কৰা হৈছে। চর্চা অনুসৰি, নন্দিনী কাকতিয়ে এপিএছ বিষয়া হ’ব বুলি ৰাকেশ পালৰ লগত বুজাবুজি কৰিছিল। গতিকে পালে আন একাংশৰ দৰে কাকতিৰ ক্ষেত্ৰতো এপিএছ বিষয়া হ’ব পৰাকৈ নম্বৰ মিলাই দিছিল। তাৰ বিনিময়ত পালে কিমান পৰিমাণৰ ধন গ্ৰহণ কৰিছিল, সেয়া স্পষ্ট হোৱা নাই।
অৱশ্যে ৰাকেশ পালৰ সময়ত অর্ধ কোটি টকা পর্যন্ত উৎকোচ দি চাকৰি সংগ্ৰহ কৰাৰ চৰ্চাও চলি আহিছে। ৰাকেশ পাল, ধৃত প্রধান পৰীক্ষা নিয়ন্ত্রক নন্দ বাবু সিং আদিয়ে মিলি কৰি দিছিল।

জালিয়াতিৰ কামবোৰ ইপিনে, নম্বৰ বৃদ্ধিক লৈ কাকতিয়েও ওলোটাই তদন্তকাৰী দলক প্রশ্ন কৰে যে কোনে কিয় নম্বৰ বঢ়াইছে তেওঁ কেনেকৈ জানিব? আকৌ দুখন উত্তৰবহী যে হেৰাইছে সেই বিষয়েও তেওঁ নাজানে বুলি কয়।

উল্লেখ্য যে ২০১৩ৰ পৰীক্ষাৰ জৰিয়তে কাকতি এপিএছ বিষয়া হৈছিল। আজি এছআইটিয়ে সহকাৰী সমবায় পঞ্জীয়ক চক্ৰধৰ ডেকাকো তলব কৰিছিল; কিন্তু বিষয়াজন হাজিৰ হোৱাৰ পৰা বিৰত থাকে।

আনহাতে এপিএছ চিৰ অৱসৰপ্ৰাপ্ত পৰীক্ষা নিয়ন্ত্ৰক নন্দ বাবু সিঙে লাভ কৰিছে জামিন ৷

ধৃত নন্দ বাবু সিঙক চর্তসাপেক্ষে বিশেষ আদালতে জামিন মঞ্জুৰ কৰে। তদুপৰি এছআইটিয়ে সিঙক সাক্ষীৰ পৰিৱৰ্তে অভিযুক্ত হিচাপে গোচৰত অন্তর্ভুক্ত কৰিবলৈ জনোৱা আবেদনো আদালতে মঞ্জুৰ কৰে।

ইয়াৰ বিপৰীতে জামিন আবেদন নাকচ হয় ধৃত অতিৰিক্ত আৰক্ষী অধীক্ষক ছাহজাহান সৰকাৰৰ। জামিন আবেদনৰ শুনানিত আদালতে আৰক্ষীৰ পৰা এই সন্দৰ্ভত প্রতিবেদন বিচাৰিছিল। আৰক্ষীয়ে আদালতক জনায় যে ন্যায়িক জিম্মাত থকা অৱস্থাত সৰকাৰে নীতি-নিয়ম উলংঘা কৰিছে। ইয়াৰ ভিত্তিতে সৰকাৰৰ জামিন আবেদন নাকচ হয়।

Exit mobile version