Manipur Violence Update:মণিপুৰত দুই কিশোৰ- কিশোৰীৰ হত্যাৰ গোচৰত চিবিআইৰ অভিযোগনামা

manipur violence

Manipur Violence Update:

মণিপুৰত বিগত বৰ্ষত সংঘটিত নাৰকীয় কাণ্ডবোৰৰ ভিতৰৰ এটা উল্লেখযোগ্য যে ঘটনাৰ অভিযোগনামা কেন্দ্রীয় অনুসন্ধান সংস্থা (চিবিআই)ই দাখিল কৰে।

কামৰূপ মহানগৰৰ মুখ্য ন্যায়াধীশ দণ্ডাধীশৰ  আদালতত দাখিল কৰা দুখন পৃথক অভিযোগনামাৰ জৰিয়তে এহাল কিশোৰ-কিশোৰীক হত্যা কৰা ঘটনাটোও জড়িত বুলি পাঁচজনক অভিযুক্ত কৰা হৈছে।

উল্লেখ্য যে যোৱা আঠ আৰু ১৯ জুলাইত দুখন বিশেষ এজাহাৰ মণিপুৰ আৰক্ষীৰ ওচৰত দাখিল হৈছিল। আঠ জুলাইত ইম্ফল আৰক্ষী থানাত দাখিল হোবা এজাহাৰখনত এগৰাকী কিশোৰীৰ পিতৃয়ে এটি কিশোৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল।

অভিযোগ কৰা হৈছিল যে তেওঁৰ কিশোৰী জীয়ৰী জুলাইৰ পৰা সন্ধানহীন হৈ আছে আৰু এটি কিশোৰে বলপূর্বকভাবে বিয়া কৰোৱাৰ বাবে তেওঁৰ জীয়ৰীক অপহৰণ কৰি নিছিল। আকৌ কিশোৰটিৰ পিতৃয়ে ১৯ জুলাইত লাম্মেল আৰক্ষী থানাত এই ঘটনাটোক লৈয়ে এখন এজাহাৰ দাখিল কৰিছিল।

এজাহাৰত উল্লেখ কৰা হৈছিল যে তেওঁৰ ১৭ বছৰীয়া পুত্রই ছয় জুলাইৰ পুৱা নিজৰ মটৰ চাইকেলখন লৈ ঘৰৰ পৰা ওলাই গৈছিল যদিও উভতি নাহিল। বহু চেষ্টা কৰিও পুত্রৰ কোনো সন্ধান উলিয়াব পৰা নাই। গতিকে কোনো লোকে তেওঁৰ পুত্রক অপহৰণ কৰিব পাৰে বুলি এজাহাৰখনত সন্দেহ প্রকাশ কৰিছিল।

এই ঘটনাৰ তদন্ত মণিপুৰ আৰক্ষীয়ে কৰিলেও ৰাজ্যখনত সংঘটিত ধাৰাবাহিক হিংসাত্মক ঘটনাত কিশোৰ-কিশোৰী হাল সন্ধানহীন হোৱা বিষয়টোৱে সাৰ -পানী যোগোৱা বুলি ৰাজ্যখনৰ আৰক্ষী নিশ্চিত হয়।

কাৰণ কিশোৰ-কিশোৰীহালৰ যি পৰিণতি পাছত পোহৰলৈ আহে, সেয়াই বহু লোকক উত্তেজিত কৰি তুলিছিল। এনে পৰিপ্ৰেক্ষিতত মণিপুৰ চৰকাৰে এই ঘটনাটো তদন্তৰ বাবে চিবিআইক অর্পণ কৰে।

চিবিআই-এ যোৱা ২৩ আগষ্টত ঘটনাটো নিজৰ আৰক্ষী থানাত ৰুজু কৰি ক্ষিপ্র গতিত তদন্ত আগবঢ়ায়। তদন্তত পোহৰলৈ আহে যে ছয় জুলাইৰ পুৱা টিউচনৰ বাবে ওলাই যোৱা কিশোৰটিয়ে কিশোৰীগৰাকীক বাটত উঠাই টিউচনৰ পৰিৱৰ্তে বিষ্ণুপুৰ অঞ্চলৰ দিশে গৈছিল।

তাৰ পাছত দুয়ো গৈছিল পুৰণি কাছাৰ ৰোডৰ থাচ ভিউ পইন্ট অঞ্চললৈ। সেই স্থানত দুয়োকে কেইজনমান লোকে কৰায়ত্ত কৰে আৰু বলপূর্বক এখন গাড়ীত উঠায়। তাৰ পাছত দুয়োকে কোনো অজ্ঞাত স্থানলৈ নিয়ে আৰু তাত হত্যা কৰে। তদন্ত কালতে আৰক্ষীয়ে এই ঘটনাত জড়িত চাৰিজনক গ্ৰেপ্তাৰ কৰে।

এই চাৰিজনকে ধৰি মুঠ পাঁচজন অভিযুক্তৰ নাম চিবিআইয়ে অভিযোগনামাত উল্লেখ কৰিছে। অভিযুক্তসকলৰ ভিতৰৰ পাওলুনমাং নামৰ লোকজনক পুনেত গ্রেপ্তাৰ কৰা হৈছিল। ধৃত আন তিনিজন হ’ল পাওমিনলুন হাওকিব, স্মালছন হাওকিব আৰু লিংনেইচং বাইটেকুকি। এই তিনিজনক চূড়াচান্দপুৰৰ পৰা গ্রেপ্তাৰ কৰা হৈছিল।

পলাতক আনজন অভিযুক্ত হ’ল নহগিন বাইটেকুকি। উল্লেখ্য যে চৰকাৰী তথ্য অনুসৰি, যোৱা মে’ৰ পৰা সূত্রপাত হোৱা মণিপুৰৰ হিংসাত্মক ঘটনাত ১৮০ জনতকৈ অধিক লোকে প্রাণ হেৰুৱাইছে।

Exit mobile version