Dergaon Accident Update : দেৰগাঁৱৰ ভয়ংকৰ দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত চাৰিজনক জিএম চি এইছলৈ প্ৰেৰণ

পিতৃৰ মৃত্যুৰ খবৰ নাপায় সাতবছৰীয়া প্ৰীতিয়ে, চিকিৎসালয়ত মৃত্যুৰে যুঁজিছে প্ৰীতিয়ে, প্ৰীতিৰ হ'ব প্লাষ্টিক চাৰ্জাৰী, মাতৃ কুলুমণি শইকীয়াৰ ভাঙিছে ছডালকৈ কামিহাড়, JMCH ত চিকিৎসাধীন ২৭জনৰ, তিনিজনক ভৰ্তি আই চি ইউত

accident 1

Dergaon Accident Update :

বুধবাৰে নিচেই পুৱাতে দেৰগাঁৱৰ ৩৭ ন’ ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত মৰ্মান্তিক দুৰ্ঘটনাই ইতিমধ্যে শোকস্তব্ধ কৰি তুলিছে অসমবাসীক। ভয়ংকৰ দুৰ্ঘটনাটিত কৰুণ মৃত্যুক সাবটি লোৱা ১২ জনৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলী ৰাজ্যবাসীৰ ৷

ইতিমধ্যে যোৱাকালি সন্ধিয়াই গোলাঘাটৰ আঠখেলীয়াৰ বচা ভৰলুৱা গাঁৱত একেলগে জ্বলিল ১১খনকৈ চিতা। এতিয়া গাঁও খনত বিৰাজ কৰিছে শোকাকুল পৰিৱেশ ৷ একেখন গাঁৱৰে বাৰজনক হেৰুৱাই গাঁওবাসী হৈ পৰিছে মিয়ম্ৰাণ ৷

উল্লেখ্য যে, এই দুৰ্ঘটনাত আহত হোৱা ৩১জন লোকৰ চাৰিজনক বুধবাৰে নিশা এক বজাত উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হাস্পতালৰ পৰা গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

সংকটজনক অৱস্থাত থকা কুলুমণি শইকীয়া, অৰূপ শইকীয়া, মৃদুল শইকীয়া আৰু প্ৰীতি শইকীয়াক নিশাই বিশেষজ্ঞ চিকিৎসকৰ দলে মাৰাথন চিকিৎসা আৰম্ভ কৰিছে ৷

জিএম চি এইছৰ অধীক্ষক ডা:অভিজিৎ শৰ্মাই জানিব দিয়া মতে,৭ বছৰীয়া প্ৰীতিক জৰুৰীভাৱে কৰা হ’ব প্লাষ্টিক চাৰ্জাৰীৰ ৷ আনহাতে প্ৰীতিৰ মাতৃ কুলুমণি শইকীয়াৰ বুকুৰ ছডালকৈ কামিহাড় ভঙাৰ লগলে , মৃদুল শইকীয়াৰ দুয়োটা ভৰি, বাওঁ হাত,বুকুৰ হাড় ভঙাৰ উপৰিও মুৰত আঘাত পাইছে ৷যাৰবাবে দুয়োকে নিউৰ’লজী, কার্ডিঅ’লর্জী বিভাগত ভর্তি কৰি আৰম্ভ কৰা হৈছে চিকিৎসা ৷

উল্লেখ্য যে,কুলুমণি শইকীয়াৰ স্বামী তথা সাতবছৰীয়া প্ৰীতিৰ পিতৃ নৱজিৎ শইকীয়াৰ ইতিমধ্যে দুৰ্ঘটনাটোত মৃত্যু হৈছে ৷

আনহাতে এই দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত ২৭জনৰে ইতিমধ্যে চিকিৎসা চলি আছে যোৰহাট মেডিকেল কলেজ হাস্পতালত। ইয়াৰে তিনিজনৰ অৱস্থা অতি গুৰুত্বৰ হোৱা ভাৱে ভৰ্তি কৰা হৈছে আই চি ইউত ৷

মনকৰিবলগীয়া যে,ভয়ংকৰ দুৰ্ঘটনাটোৰ সন্দৰ্ভত ইতিমধ্যে ৰাজ্য চৰকাৰে তদন্ত ঘোষণা কৰিছে ৷ সেই অনুসৰি প্ৰাৰম্ভিক পদক্ষেপ হিচাপে দেৰগাঁৱৰ বালিজানৰ অভিশপ্ত দুৰ্ঘটনাস্থলীলৈ আহিব কেন্দ্ৰৰ ক্রেছ ইনভেষ্টিগেচন টীম ৷ দিল্লী আৰু পুনেৰ পৰা আহিবলগীয়া দলটোৱে অসমত চাৰিদিন বাহৰ পাতি দুৰ্ঘটনাৰ অনুসন্ধান চলাব ৷

আনহাতে আজি দুপৰীয়া ভাগত জেএম চি এইছত চিকিৎসাধীন হৈ থকা আহত লোকৰ বুজ লয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ আহত লোকৰ চিকিৎসাৰ খৰচ ৰাজ্য চৰকাৰে বহন কৰিব বুলি সদৰি কৰে মন্ত্ৰী গৰাকীয়ে ৷

মন্ত্ৰী মহন্তই ইয়াৰ পাছত নিহত লোকসকলৰ বাসগৃহত উপস্থিত হৈ আত্মীয়ৰ স’তে মতবিনিময় কৰি চৰকাৰৰ ফালৰ পৰা সকলো সহায় কৰাৰ আশ্বাস দিয়ে ৷ ইয়াৰ পূৰ্বে মহন্তই দুৰ্ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয় ৷ উল্লেখ্য যে,মন্ত্ৰী গৰাকী উপস্থিত হোৱাৰ সময়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কে’বাজনো নেতাৰ প্ৰশ্নবানৰ সন্মুখীন হয় ৷

Exit mobile version