Assam State Primary Teachers Association Sent a Memorandum to the CM by Mail:​শিক্ষয়িত্ৰীক প্ৰহাৰ কৰা আতিকুৰৰ শাস্তিৰ দাবীত মুখ্যমন্ত্ৰীলৈ সম্মিলনীৰ স্মাৰক পত্ৰ

aspta

Assam State Primary Teachers Association Sent a Memorandum to the CM by Mail:

বিদ্যালয় চলি থকাৰ সময়তে বিদ্যালয় চৌহদতে শিক্ষয়ত্ৰীক প্ৰহাৰ কৰা আতিকুৰ ৰহমানৰ শান্তিৰ দাবীত অসম ৰাজ্যিক প্রাথমিক শিক্ষক সম্মিলনীয়ে আজি মেইলযোগে মুখ্যমন্ত্রীলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছে।

যোৱা তিনি জানুৱাৰীত বৰপেটা জিলাৰ ৰূপসী শিক্ষাখণ্ডৰ অন্তর্গত কলগাচীয়াস্থিত ১৯২৩ নম্বৰ ডিমাপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্রধান শিক্ষয়িত্রী নিতুমণি নাথক স্থানীয় উদণ্ড যুৱক আতিকুৰ ৰহমানে চেণ্ডেলেৰে কোৱাই শাৰিৰীকভাবে অপদস্থ কৰে। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে পঞ্চমবাৰৰ বাবে আয়োজন কৰা গুণোৎসৱৰ প্রথম পর্যায়ৰ অন্তৰ্গত জিলা সমূহৰ ভিতৰত অন্যতম বৰপেটা জিলা।

গুণোৎসৱৰ প্রথম দিনটোতে শিক্ষয়িত্ৰী গৰাকীৰ ওপৰত কৰা এই আক্রমণে সমগ্র শিক্ষক সমাজকে অপমানিত কৰিছে। বিদ্যালয় চৌহদত জমা হোৱা জাৱৰ-জোথৰ আদি বিদ্যালয়ৰ সমীপৰ আতিকৃৰ ৰহমানৰ খেতিত পৰাৰ অচিলা লৈ শিক্ষয়িত্ৰী গৰাকীৰ ওপৰত বৰ্বৰভাবে আক্রমণ কৰে।

সম্মিলনীৰ সভাপতি অখিল চন্দ্র নাথ আৰু প্রধান সম্পাদক ৰাতুল চন্দ্র গোস্বামীয়ে স্বাক্ষৰ কৰা স্মাৰক পত্ৰত শিক্ষয়িত্ৰী প্ৰহাৰকাৰী আতিকুৰ ৰহমানক শাস্তি প্ৰদানৰ লগতে নিৰাপত্তাৰ খাতিৰত শিক্ষয়িত্ৰী গৰাকীক উক্ত বিদ্যালয়ৰ পৰা অতি শীঘ্ৰে স্থানান্তৰ কৰাৰ দাবী জনাইছে।

Exit mobile version